ডাউনলোড
মোবাইল এপ

android apple
signal

পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল প্রক্রিয়া আৰম্ভ

অসমত অহা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। ১১ এপ্ৰিললৈ মনোনয়ন পত্র দাখিল কৰিব পৰা যাব। ১২ এপ্রিলত মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হ’ব আৰু ১৭ এপ্রিল মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধার্য কৰা হৈছে। সেইদিনাই নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা প্রকাশ কৰা হ’ব। ১১ মে’ত নিৰ্বাচনৰ ভোটগণনা কৰা হ’ব। উল্লেখযোগ্য যে প্রথম পৰ্যায়ত অহা ২ মে’ত উজনি অসম আৰু বৰাক উপত্যকাত ভোটগ্রহণ কৰা হ’ব। দ্বিতীয় পর্যায়ত অহা ৭ মে’ত নামনি অসম আৰু মধ্য অসমত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্রহণ হ’ব। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে নির্বাচন হ’বলগীয়া অঞ্চলসমূহত নির্বাচনী আৰ্হি আচৰণ বিধি বলৱৎ হৈছে। ৰাজ্যিক নির্বাচন আয়োগৰ অধিসূচনা অনুসৰি যোৰহাট জিলাৰ ১৬টা সমষ্টিত অহা ২ মে’ত ভোটগ্রহণ হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হয়। নিৰ্বাচনৰ মনোনয়ন প্ৰ-পত্রসমূহ সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, সমজিলা আয়ুক্তৰ কাৰ্যালয় আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ত উপলভ্য কৰা হৈছে। আয়ুক্ত জয় শিৱানীয়ে জিলাখনত নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো বাজনৈতিক দল, অনুষ্ঠান-প্রতিষ্ঠান তথা ৰাইজৰ সহযোগিতা কামনা কৰে। শিৱসাগৰ জিলাতো নির্বাচন সন্দৰ্ভত জিলা আয়ুক্তই আজি এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত আয়ুক্তগৰাকীয়ে জিলাখনৰ ৫টা আঞ্চলিক পঞ্চায়ত, ১২ খন জিলা পৰিষদ ৮২টা গাঁও পঞ্চায়তৰ তথ্য সদৰি কৰে। ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথে আজি পঞ্চায়ত নির্বাচন সন্দৰ্ভত সংবাদমেল আয়োজন কৰি জিলাখনৰ মুঠ ১২৮ খন গাঁও পঞ্চায়তৰ লগতে ২০ খন জিলা পৰিষদ আৰু ১০ খন আঞ্চলিক গাঁও পঞ্চায়তত নির্বাচন অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰে। এহেজাৰ ৪৬৫টা ভোটকেন্দ্ৰত ভোটগ্রহণ হ’বলগীয়া জিলাখনত মুঠ ভোটাৰৰ সংখ্যা ১০ লাখ ৪৩ হাজাৰ ১৯৩ জন বুলি তেওঁ জানিবলৈ দিয়ে। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্রহী প্ৰাৰ্থীয়ে ধুবুৰী গ্ৰাম্য উন্নয়ন আঁচনিৰ কাৰ্যালয়, জিলা পৰিষদৰ কাৰ্যালয়, জিলা কৃষি বিষয়াৰ কাৰ্যালয়, বিলাসী সমজিলা কাৰ্যালয় আৰু গোলকগঞ্জ সমজিলা কাৰ্যালয়ৰ পৰা মনোনয়ন সংগ্ৰহ কৰিব পাৰিব বুলি তেওঁ কয়।

অধিক পঢ়ক

সকলো চাওক