আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপিৰ তাৰকা প্ৰচাৰক তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত আজি মাজুলীত প্ৰচাৰ অভিযানত অংশ লয়। শ্ৰী সোণোৱালে গ্ৰাম্য অৰ্থনীতিৰ ভেটি সৱলীকৰণৰ লক্ষ্যৰে পঞ্চায়ত নিৰ্বাচনত সঠিক সিদ্ধান্ত ল’বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে জিলা বিজেপিৰ কাৰ্যালয়ত দলীয় কৰ্মীৰ সৈতে এখন বিশেষ সাংগঠনিক সভাত মিলিত হয়।
শ্ৰী সোণোৱালে আজি শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰত আন এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । বিজেপি মিত্ৰজোঁটৰ দ্বৈত ইঞ্জিন চৰকাৰৰ কল্যাণকামী পদক্ষেপসমূহে সকলো স্তৰৰ জনসাধাৰণৰ উপকৃত কৰি গ্ৰামাঞ্চলত নতুন দিগন্তৰ সূচনা কৰিছে। আৰু আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰী সোণোৱালে আজি ডিব্ৰুগড়ৰ গজপুৰিয়াতো নিৰ্বাচনী সভাত ভাগ লয়।
জাগীৰোড বিধানসভা সমষ্টিৰ ২৯ খন পঞ্চায়তৰ বাবে অহা ৭ মে’ত দ্বিতীয় পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ বাবে জিলা প্রশাসন সাজু হৈছে। সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী পীযূষ হাজৰিকাই আজি জাগীৰোডত নির্বাচনী কার্যালয় মুকলি কৰে৷
ইপিনে, পঞ্চায়ত নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্রশাসনসমূহে প্রস্তুতি অব্যাহত ৰাখিছে। বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাসৰ তত্বাৱধানত নিৰ্বাচনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। জিলাখনত নিয়োজিত নির্বাচনী পর্যবেক্ষকে ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীসকলৰ সৈতে আলোচনা কৰাৰ উপৰি ভোট কেন্দ্ৰসমূহ পৰিদৰ্শন কৰিছে। জিলাখনত ২৯৫ টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগ্রহণ প্ৰক্ৰিয়া নিয়াৰিকৈ পৰিচালনাৰ বাবে ২৭ গৰাকী খণ্ড বিষয়া আৰু ৫ গৰাকী মাণ্ডলিক বিষয়া নিয়োগ কৰা হৈছে। কামৰূপ জিলাৰ ১৮ খন জিলা পৰিষদ, ৯৭ টা আঞ্চলিক পঞ্চায়ত আৰু ৯১০ টা পঞ্চায়ত ৱাৰ্ড সদস্যৰ বাবে এহেজাৰ ৫৯৮টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে ৮০ টা ভোটকেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালনা কৰা হ’ব। জিলাখনত নিৰ্বাচন পৰিচালনাৰ বাবে প্ৰায় ছহেজাৰ প্রিজাইডিং আৰু পোলিং বিষয়াক প্রশিক্ষণ দিয়া হৈছে। অসম-মেঘালয় সীমান্তত থক ভোট কেন্দ্ৰকে ধৰি আন আন স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহত বিশেষ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে।
Site Admin | April 25, 2025 6:25 PM | Akashvani News | Election | Panchyat election | Panchyatiraj
পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত
