ডাউনলোড
মোবাইল এপ

android apple
signal

ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত এজন লোকক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা ধেমাজি জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতৰ

ধেমাজি জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতে আজি ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত এজন লোকক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে। ন্যায়াধীশ কৌশিক হাজৰিকাৰ বিচাৰপীঠে আজি ধেমাজি জিয়াচলৰ ৰামেশ্বৰ দলে নামৰ লোকজনক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে। জৰিমনা অনাদায়ে তেওঁ অতিৰিক্ত ৩ বছৰ কাৰাবাস খাটিব লাগিব বুলিও ৰায়টোত কোৱা হৈছে। ২০২৪ চনত এগৰাকী নাবালিকাক ধৰ্ষণৰ গোচৰত ৰামেশ্বৰ দলেৰ বিৰুদ্ধে ধেমাজি আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল। আদালতে বাদী আৰু বিবাদী পক্ষৰ যুক্তি-তর্ক শুনাৰ পাছত অভিযুক্ত দলেক দোষী সাব্যস্ত কৰে আৰু আজি তেওঁৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰে। আনহাতে ২০২০ চনত চিলাপথাৰত সংঘটিত নাবালিকা ধৰ্ষণৰ আন এটা গোচৰ সন্দৰ্ভত আজি একেখন আদালতেই পৰিতোষ মণ্ডল নামৰ আন এজন অভিযুক্তক ৫ বছৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দানৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা বিহে। জৰিমনা আদায় নিদিলে ৬ মাহৰ অতিৰিক্ত কাৰাদণ্ড দিয়া হ’ব। ২০২০ চনত নাবালিকা ধৰ্ষণৰ অভিযোগতপৰিতোষ মণ্ডলৰ বিৰুদ্ধে চিলাপথাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল। ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতে আজি ২০২৪ চনত ধেমাজি আৰক্ষী থানাত ৰুজু হোৱা আন এগৰাকী নাবালিকা ধৰ্ষণৰ গোচৰত অভিযুক্ত ধেমাজি পাঁচআলিৰ ললিত বৰা নামৰ এজন লোকৰ বিৰুদ্ধেও ছবছৰৰ সশ্ৰম কাৰাদণ্ডৰ উপৰি ১০ হাজাৰ টকাৰ জৰিমনা বিহে। আদালতে এই তিনিওগৰাকী অভিযুক্তক পকছ’ আইনৰ অধীনত দোষী সাব্যস্ত কৰি এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে বুলি চৰকাৰী পক্ষৰ অধিবক্তাৰ উদ্ধৃতি দি আমাৰ ধেমাজিৰ সংবাদদাতাই জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক