দেশৰ চাৰিওটা কোণ সংযুক্ত কৰাৰ অৰ্থে বিগত ১০ বছৰত চৰকাৰে আন্তঃগাঁথনি শক্তিশালী কৰাৰ উদ্দেশ্যে প্রয়াস চলাই অহা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তামিলনাডুত এখন সমুদ্র দলং মুকলি আৰু ৮,৩০০ কোটি টকা ব্যয় সাপেক্ষ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি, শ্রীমোদীয়ে কয়, যে তামিলনাডুৰ উন্নয়নে দেশৰ উন্নয়নৰ যাত্ৰাত অৰিহণা আগবঢ়াইছে। এই প্রকল্পসমূহ জনসাধাৰণলৈ ৰাম নৱমীৰ উপহাৰ বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয়, যে ভূতপূৰ্ব ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ ৰামেশ্বৰমত জন্ম হৈছিল আৰু তেওঁৰ জীৱন বিজ্ঞান আৰু আধ্যাত্মিকতাৰ সৈতে সম্পৃক্ত হৈ আছিল। শ্রীমোদীয়ে প্রাচীন তামিল সংস্কৃতি আৰু ভাষাৰ গুৰুত্ব সন্দৰ্ভতো বক্তব্য আগবঢ়াই কয়, যে পামবন দলং হৈছে প্ৰযুক্তি আৰু পৰম্পৰাৰ উজ্জ্বল উদাহৰণ। শ্রীমোদীয়ে কয়, যে প্রাচীন ৰামেশ্বৰম মন্দিৰত পূজা- অৰ্চনা আগবঢ়োৱাৰ লগতে আজিৰ দিনটোতে প্ৰকল্পটো ৰাইজৰ নামত উচৰ্গা কৰিব পৰাটো এটা পৰম গৌৰৱৰ মুহূর্ত।
আজি মুকলি কৰা সমুদ্ৰ দলংখন বিংশ শতিকাৰ আশ্বৰ্য্য বুলি অভিহিত কৰি শ্ৰীমোদীয়ে ইয়াৰ নিৰ্মাণ কাৰ্য্যৰ সৈতে জড়িত অভিযন্তাসকলক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়, যে এই দলঙে ব্যৱসায়, বাণিজ্য, পৰ্য্যটনৰ বিকাশৰ লগতে কৰ্ম-সংস্থাপনৰো সৃষ্টি কৰিব।
প্রধানমন্ত্রী মোদীয়ে বিগত ১০ বছৰত চৰকাৰে লাভ কৰা বিভিন্ন সফলতাৰ বিষয়েও উল্লেখ কৰে। শ্ৰীমোদীয়ে পূব আৰু পশ্চিম ভাৰত ক’ৰিডৰৰ লগতে বন্দে ভাৰত, অমৃত ভাৰত, নমো ভাৰত ৰে’ল সেৱাৰ বিষয়েও প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয়, যে চৰকাৰৰ প্ৰচেষ্টাৰ ফলতেই শ্ৰীলংকাৰ কাৰাগাৰৰ পৰা বিগত ১০ বছৰত ৩,৭০০ গৰাকী মাছমৰীয়াক মুকলি কৰি আনিবলৈ সক্ষম হৈছে।
Site Admin | April 6, 2025 8:41 PM | PM Modi Tamil Nādu visit
দেশৰ চাৰিওটা কোণ সংযুক্ত কৰাৰ অৰ্থে বিগত ১০ বছৰত চৰকাৰে আন্তঃগাঁথনি শক্তিশালী কৰাৰ উদ্দেশ্যে প্রয়াস চলাই অহা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ
