ডাউনলোড
মোবাইল এপ

android apple
signal

December 8, 2024 11:34 AM | PM Modi comment of TB

printer

দেশে যক্ষ্মা নির্মূলকৰণৰ বাবে ৰোগীসকলক পৰ্যাপ্ত চিকিৎসা প্রদান, জনসাধাৰণৰ অংশগ্ৰহণ, নতুন ঔষধ, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু চিনাক্তকৰণৰ উন্নত সঁজুলিৰে বহুমুখী যুঁজত অৱতীৰ্ণ হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যক্ষ্মাৰ অধিক প্রাদুর্ভাব হোৱা জিলা সমূহত গুৰুত্ব আৰোপ কৰি আৰম্ভ কৰা ১০০ দিনীয়া বিশেষ অভিযানৰ সৈতে দেশৰ যক্ষ্মা বিৰোধী যুঁজখন অধিক শক্তিশালী হৈ উঠিল বুলি প্ৰকাশ কৰিছে। শ্রী মোদীয়ে কালি সামাজিক মাধ্যম যোগে কয়, যে দেশে যক্ষ্মা নির্মূলকৰণৰ বাবে ৰোগীসকলক পৰ্যাপ্ত চিকিৎসা প্রদান, জনসাধাৰণৰ অংশগ্ৰহণ, নতুন ঔষধ, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু চিনাক্তকৰণৰ উন্নত সঁজুলিৰে বহুমুখী যুঁজত অৱতীৰ্ণ হৈছে। তেওঁ লগতে সকলোকে একেলগে আগবাঢ়ি আহিবলৈ আৰু যক্ষ্মা নির্মূলকৰণৰ বাবে নিজৰ নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাৰ এটা পোষ্টৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়, যে নিক্ষয় মিত্ৰ আৰু লঘু তথা ফলপ্রসূ চিকিৎ‍সাৰ দৰে উদ্যমসমূহৰ ফলত যক্ষ্মা ৰোগৰ সংক্ৰমণ যথেষ্ট হ্রাস পাইছে। ইয়াৰ ফলত সুস্থ হৈ উঠা ৰোগীৰ হাৰ বৃদ্ধি পাইছে আৰু যক্ষ্মা বিৰোধী যুঁজত ভাৰতৰ গোলকীয় নেতৃত্বই গতি লাভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক