উত্তৰ-পশ্চিম তুৰস্কৰ এখন হোটেলত কালি হোৱা অগ্নিকাণ্ডৰ ঘটনাত নিহত লোকৰ সংখ্যা ৭৬ লৈ আৰু আহতৰ সংখ্যা ৫১ লৈ বৃদ্ধি পাইছে। তুৰস্কৰ অভ্যন্তৰীণ সুৰক্ষা বিষয়ক মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি দেশখনৰ বলু প্ৰদেশৰ কাৰতালকায়া নামৰ ঠাইখনত থকা এই বিলাসী হোটেলখনত কালি পুৱতি নিশা প্ৰায় ৩.৩০ বজাত জুই লাগে। জুই লগাৰ কিছু সময়ৰ ভিতৰত হোটেল কৰ্তৃপক্ষই প্ৰায় ২০০ জন লোকক বাহিৰলৈ উলিয়াই আনিবলৈ সমৰ্থ হয়। ১২ মহলীয়া হোটেলখনলৈ শীতৰ বন্ধৰ সময়ত ভালেসংখ্যক পৰ্য্যটকৰ আগমণ হৈছিল। হোটেলখনৰ ওপৰ মহলাৰ পৰা জপিয়াই প্ৰাণ বচাবলৈ চেষ্টা কৰা দুজন লোকৰ থিতাতে মৃত্যু ঘটে। সংবাদ মাধ্যমসমূহৰ বাতৰি অনুসৰি, সতর্কতামূলক ব্যৱস্থা হিচাপে ওচৰৰ হোটেলসমূহৰ অতিথিসকলক আন সুৰক্ষিত ঠাইলৈ স্থানান্তৰ কৰা হৈছে। তুৰস্কৰ আইন মন্ত্রী উইলমাজ টান্সে এই অগ্নিকাণ্ডৰ কাৰণ চালিজাৰি চাবলৈ ৬জন শীর্ষ বিষয়াক লৈ এটা তদন্ত গোট গঠন কৰিছে।
Site Admin | January 22, 2025 7:38 PM
তুৰস্কৰ এখন হোটেলত হোৱা অগ্নিকাণ্ডৰ ঘটনাত নিহত লোকৰ সংখ্যা ৭৬ লৈ আৰু আহতৰ সংখ্যা ৫১ লৈ বৃদ্ধি
