ডুবাইত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আজি হ’বলগীয়া আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্ৰতিযোগিতাৰ ফাইনেলক লৈ অভূতপূৰ্ব উৎসাহ পৰিলক্ষিত হৈছে। খেলখন দিনৰ আঢ়ৈ বজাত আৰম্ভ হ’ব। দেশ দুখনৰ মাজত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেসমূহে ফাইনেল খেলখন অধিক ৰোমাঞ্চকৰ কৰি তুলিছে। ভাৰতে যোৱা মঙলবাৰে অনুষ্ঠিত গ্রুপ পৰ্যায়ৰ খেলত নিউজিলেণ্ডক ৪৪ ৰানত পৰাভূত কৰি শক্তিশালী অভিলেখেৰে ফাইনেলত প্ৰৱেশ কৰিছে। বেটে-বলে আগবঢ়োৱা সুন্দৰ প্ৰদৰ্শনৰ বলত লাভ কৰা এই জয়ে প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ পইণ্ট তালিকাত ভাৰতৰ শীৰ্ষ স্থান সুদৃঢ় কৰি তুলিছিল। খেলৰ পূৰ্বে এখন সংবাদমেলত ভাৰতীয় দলৰ উপ-অধিনায়ক সুভম গীলে কালি কয়, যে ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ জয়ে দলৰ চাপ কিছু পৰিমাণে দূৰ কৰিছে। ভাৰতে শেহতীয়া খেলসমূহত আধিপত্য বিস্তাৰ কৰিছে যদিও নিউজিলেণ্ডৰ চাপৰ মাজত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱাৰ সামৰ্থ গুৰুত্বপূৰ্ণ কাৰকৰূপে বিবেচিত হৈছে। ২০১৯ চনৰ বিজয়ে দলটোৰ বাধা অতিক্ৰম কৰাৰ সামৰ্থৰ কথা প্রতিফলিত কৰে। অসাধাৰণ ফিল্ডিং নিউজিলেণ্ডৰ শক্তিৰূপে বিবেচিত হৈ আহিছে। নিউজিলেণ্ডৰ অধিনায়ক মিছেল ছেন্তনাৰে খেলৰ পূৰ্বে এখন সংবাদমেলত দলে ফাইনেল খেলখনত ভাৰতৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ সমৰ্থ হ’ব বুলি আশা প্রকাশ কৰে। অধিনায়কগৰাকীয়ে ফৰ্মত থকা ভাৰতীয় দলৰ প্ৰত্যাহ্বানৰ কথা স্বীকাৰ কৰে।
Site Admin | March 9, 2025 11:15 AM | India-New Zeeland ICC Champion Trophy
ডুবাইত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্ৰতিযোগিতাৰ ফাইনেল
