মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানৰ বাবে তেওঁক আমন্ত্রণ জনায়। মুখ্যমন্ত্রীয়ে শ্রীমোদীক অসম জৈৱ ইথানল প্ৰকল্পৰ উদ্বোধন আৰু ৫৭০০ কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটী ৰিং ৰোড প্রকল্প তথা দৰং চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আধাৰশিলা স্থাপনৰ বাবেও প্রধানমন্ত্রীক অনুৰোধ জনায়। উল্লেখযোগ্য যে অসম জৈৱ ইথানল প্রকল্পত ৩০০ কে টি পি এ বাঁহক কেঁচামাল হিচাপে ব্যৱহাৰ কৰি ৪৯ কে টি পি এ ইথানল উৎপাদন কৰিব পাৰিব। মুখ্যমন্ত্ৰী ড০ শর্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে প্রধানমন্ত্ৰীয়ে তেওঁৰ আমন্ত্রণ গ্রহণ কৰি অসমলৈ আহিবলৈ সন্মতি প্রকাশ কৰিছে। এই অনুসৰি অহা ৮ ছেপ্তেম্বৰত প্রধানমন্ত্ৰীগৰাকী অসমলৈ অহাৰ কথা। ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ বছৰজোৰা কাৰ্যসূচী বিশেষ জাক- জমকতাৰে পালন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। এই সময়ছোৱাত তেখেতৰ ৰচনাৰাজী আৰু অন্যান্য সৃষ্টিমূলক কাম-কাজৰ প্ৰচাৰৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীয়ে কালিৰ এই ভ্ৰমণকালত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকো সাক্ষাৎ কৰে।
Site Admin | April 20, 2025 10:28 AM | Assam CM invite PM Modi to Dr Bhupen Hazarika Birth anniversary
ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ আমন্ত্রণ
