ডাউনলোড
মোবাইল এপ

android apple
signal

April 13, 2025 12:04 PM | Jharkhand

printer

ঝাৰখণ্ডৰ পশ্চিম সিংহভুম জিলাত নক্সালবাদীৰে সংঘৰ্ষত ঝাৰখণ্ড জেগুৱাৰ বাহিনীৰ এজন জোৱান ছহিদ

ঝাৰখণ্ডৰ পশ্চিম সিংহভুম জিলাৰ জৰাইকেলা থানা এলেকাত কালি চলোৱা তালাচী অভিযানৰ সময়ত নক্সালবাদীৰ সৈতে হোৱা সংঘৰ্ষত ঝাৰখণ্ড জেগুৱাৰ বাহিনীৰ এজন জোৱান ছহিদ হয় আৰু কোৱা বেটেলিয়নৰ এজন জোৱানো গুৰুতৰভাৱে আহত হয়। আৰক্ষী অধীক্ষক আশুতোষ শেখৰে এই ঘটনাৰ বিষয়ে নিশ্চিত কৰি কৈছে যে, অভিযানৰ সময়ত আই ই ডি বিস্ফোৰণত আহত ঝাৰখণ্ড জেগুৱাৰৰ সুনীল ধান আৰু কোৱা বেটেলিয়নৰ বিষ্ণু ছেইনীক বিমানেৰে উন্নত চিকিৎসাৰ বাবে ৰাছীলৈ নিয়া হয় যদিও তাত সুনীল ধানৰ মৃত্যু হয়। কোৱা বেটেলিয়ন, চি আৰ অ’ এফ, ঝাৰখণ্ড জেগুৱাৰ আৰু ছাইবাছা আৰক্ষী বাহিনীয়ে অঞ্চলটোত যৌথভাৱে অভিযান চলাই আছে৷ ইপিনে, লাটেহাৰ জিলাত চলোৱা অন্য এটা নক্সাল বিৰোধী অভিযানত আৰক্ষীয়ে মাওবাদী সংগঠন টি পি চিৰ দুজন উপ-মাণ্ডলিক কামাণ্ডাৰসহ মুঠ ৬ জন নক্সালবাদীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী অধীক্ষক কুমাৰ গৌৰৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে অভিযানত এটা স্বয়ংক্রিয় ৰিভলভাৰ, এখন বাইক আৰু এহেজাৰৰো অধিক কাৰ্টিজ জব্দ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক