ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমন শ্বনমুগাৰত্নম কালি পাঁচদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয়। নতুন দিল্লীৰ বিমান বন্দৰত কালি তেওঁক বাণিজ্য আৰু উদ্যোগ ৰাজ্য মন্ত্ৰী জিতিন প্ৰসাদে আদৰণি জনায়। তেওঁৰ লগত মন্ত্রী, সংসদ সদস্য আৰু বিষয়াকে ধৰি এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আহিছে। ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰূপে এয়া হৈছে শ্ৰীশ্বনমুগাৰত্নমৰ প্ৰথমটো ভাৰত ভ্ৰমণ। বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু অন্যান্য ভাৰতীয় প্ৰতিনিধিসকলে ৰাষ্ট্ৰপতি থৰমনক সাক্ষাৎ কৰিব। এই ভ্রমণকালত তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ লগতে অহা ১৭ আৰু ১৮ জানুৱাৰীত ওড়িশা ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে তেওঁৰ সন্মানার্থে এখন ভোজ মেলৰো আয়োজন কৰিছে। উল্লেখযোগ্য যে বিশ্বাস আৰু পাৰস্পৰিক সন্মানৰ ওপৰত ভিত্তি কৰি ভাৰত আৰু ছিংগাপুৰৰ মাজত অতীজৰে পৰা বন্ধুত্বপূৰ্ণ সম্পর্ক আছে। ৰাষ্ট্ৰপতি থৰমনৰ এই ভ্রমণে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ্ক আৰু অধিক গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। এই ভ্ৰমণৰ জৰিয়তে ভাৰত আৰু ছিংগাপুৰৰ মাজৰ ৬০ বছৰীয়া কূটনৈতিক সম্পৰ্কৰ জয়ন্তীও উদযাপন কৰা হ’ব ৷
Site Admin | January 15, 2025 10:44 AM | Singapore President India Visit
ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমন শ্বনমুগাৰত্নম পাঁচদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত
