কেন্দ্ৰীয় চৰকাৰে চাকৰিয়াল মাতৃসকলৰ সুবিধা হোৱাকৈ ৫০ জন বা ততোধিক কৰ্মচাৰী থকা কৰ্মস্থানসমূহত অন্যান্য সুবিধাৰ লগতে বা পৃথকভাৱে শিশুসকলক চোৱা চিতা কৰাৰ ব্যৱস্থা -ক্ৰেছৰ সুবিধা প্ৰদান কৰাটো বাধ্যতামূলক কৰিছে। লোকসভাত আজি এটা প্ৰশ্নৰ উত্তৰ দি শ্ৰম আৰু নিয়োগ মন্ত্রী ড° মনসুখ মন্দাভিয়াই কয়, যে চাকৰিয়াল মহিলাসকলৰ কৰ্মক্ষেত্ৰ আৰু পৰিয়ালৰ দায়িত্বৰ মাজত সামঞ্জস্য বৰ্তাই ৰখাত সুবিধা হোৱাকৈ বিভিন্ন আইনত ভালেমান সংশোধন কৰা হৈছে। ড° মন্দাভিয়াই কয়, যে প্ৰসৱকালিন সুবিধা আইন ১৯৬১ ৰ সংশোধনীৰ পাছত চাকৰিয়াল মহিলাসকলে ২৬ সপ্তাহৰ বেতনসহ ছুটি লাভ কৰিছে বুলি প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে চৰকাৰী খণ্ডত চাকৰি কৰা এগৰাকী মহিলাই আইনীভাৱে ৩ মাহৰ তলৰ এটি শিশুৰ দত্তক গ্ৰহণ কৰিলে ৩ মাহৰ বেতন বিহীন ছুটি প্রদান কৰা হয়। আনহাতে, গর্ভপাত হোৱাৰ ক্ষেত্ৰত ৬ সপ্তাহৰ আৰু চাৰোগেট মাতৃৰ ক্ষেত্ৰত ১২ সপ্তাহৰ বেতনবিহীন ছুটি প্রদান কৰা হয় বুলি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
Site Admin | December 16, 2024 7:52 PM | Creche Mandaviya
চাকৰিয়াল মাতৃৰ সুবিধা হোৱাকৈ ৫০ বা ততোধিক কৰ্মচাৰী থকা কৰ্মস্থানত ক্ৰেছৰ সুবিধা প্ৰদান কৰাটো বাধ্যতামূলক
