চত্তিশগড়ত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত কমেও ১২ জন মাওবাদী নিহত

চত্তিশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ৩১ জন মাওবাদীৰ মৃত্যু হৈছে। এই সংঘর্ষত দুজন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ লগতে আন দুজন আহত হৈছে। চত্তিশগড় আৰক্ষীয়ে জনোৱা মতে সংঘৰ্ষত মৃত্যু হোৱা সকলো মাওবাদীৰ মৃতদেহ ইতিমধ্যে ঘন জংগলৰ উদ্ধাৰ কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে, বীজাপুৰ জিলাৰ এখন ৰাষ্ট্ৰীয় উদ্যানত মাওবাদীৰ এটা দলে বাহৰ পতাৰ তথ্য নিৰাপত্তাৰক্ষীয়ে লাভ কৰিছিল। এই তথ্যৰ ভিত্তিতেই নিৰাপত্তাৰক্ষীৰ এটা যুটীয়া দলে অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰিছিল। এই অভিযানৰ সময়তে নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি মাওবাদীৰ সদস্যই গুলীচালনা কৰে। ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীৰ জোৱানসকলেও গুলীচালনা কৰে। ঘটনাস্থলীৰ পৰা বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ নিৰাপত্তাৰক্ষীয়ে জব্দ কৰা বুলিও চত্তিশগড় আৰক্ষীয়ে সদৰি কৰিছে। ইফালে গৃহমন্ত্রী অমিত শ্বাহে মাওবাদীৰে হোৱা সংঘৰ্ষত মৃত্যু হোৱা দুই ছহিদ জোৱানৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয়, যে দেশৰ বাবে প্ৰাণ ত্যাগ কৰা এই ছহিদসকলৰ ওচৰত দেশ সদায় ঋণী হৈ থাকিব। নিৰাপত্তাৰক্ষীৰ এই অভিযানক দেশৰ বাবে বৃহৎ সফলতা বুলি উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে যে অহা বছৰৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে বিজেপি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।