ডাউনলোড
মোবাইল এপ

android apple
signal

April 16, 2025 7:52 PM | CM - GMCH

printer

গুৱাহাটীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো চিকিৎ‍সালয় পৰিদৰ্শন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ বিৰুবাৰীত নির্মীয়মান প্ৰাগজ্যোতিষপুৰ চিকিৎ‍সা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্য ১৫ আগষ্টৰ পূৰ্বে সম্পূৰ্ণ হ’ব বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য ৮০ শতাংশ সম্পূৰ্ণ হৈছে আৰু বহিঃবিভাগৰ সেৱা আগবঢ়াই থকা হৈছে।
ইপিনে, ৰাজ্যৰ চিকিৎ‍সালয়সমূহ যাতে ৫০-৭৫ বছৰলৈ প্ৰাসঙ্গিক হৈ থাকে সেই কথা বিবেচনা কৰি বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নির্মীয়মান মাতৃ আৰু শিশু চিকিৎ‍সালয়ৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লৈ এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে অক্টোবৰত নিৰ্মাণকাৰ্য সম্পূর্ণ হ’বলগীয়া এই চিকিৎসালয়খনত ৮০০খন বিছনা থাকিব আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষৰ কাৰ্যালয় এই চিকিৎসালয়লৈ স্থানান্তৰ কৰা হ’ব। চিকিৎসালয়খনৰ বিছনা ৩ হাজাৰলৈ বৃদ্ধি কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক নতুন ৰূপ দিয়াৰ উদ্দেশ্যে নক্সা প্ৰস্তুত কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নৱৰূপ লাভ কৰাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালক দেশৰ অন্যতম বৃহৎ চিকিৎসালয়ত পৰিণত হ’ব। তেওঁ কয় যে নির্মীয়মান মহেন্দ্র মোহন চৌধুৰী চিকিৎ‍সালয়ত স্নায়ুবিজ্ঞান, হৃদৰোগকে ধৰি বিভিন্ন ছুপাৰ স্পেচিয়েলিটী সেৱা উপলব্ধ হ’ব। চিকিৎসালয়খনত বৃক্ক সংৰোপণৰো ব্যৱস্থা থাকিব। ৮০০খন বিছনাযুক্ত এই চিকিৎসালয়খনৰ নিৰ্মাণ পূৰ্ণ গতিত চলি আছে।

অধিক পঢ়ক

সকলো চাওক