খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে খাদ্যত ভেজালকৰণৰ অভিযোগৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ আৰু খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰি আহিছে। লোকসভাত আজি কেইটামান পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে খাদ্যত ভেজালকৰণ সন্দৰ্ভত অভিযোগ পালে চৰকাৰে লগে লগেই এই বিষয়ে অনুসন্ধানৰ ব্যৱস্থা কৰে আৰু কোনো খাদ্যসামগ্ৰী জনসাধাৰণৰ সেৱনৰ বাবে অনুপযোগী বিবেচিত হ’লে তেনে অপৰাধমূলক কাৰ্য হিচাপে গণ্য কৰি এনে ঘটনাৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে কাৰ্যব্যৱস্থা গ্ৰহণ কৰে ।
খাদ্যসামগ্ৰী পৰীক্ষণৰ বাবে সমগ্র দেশতে ২৪২টা FSSI পৰীক্ষাগাৰ আৰু বহুসংখ্যক ভ্ৰাম্যমান খাদ্য পৰীক্ষাগাৰকে ধৰি ভালেমান কাৰ্যব্যৱস্থা কাৰ্যকৰী হৈ আছে বুলি শ্ৰীযোশীয়ে প্ৰকাশ কৰে। জনসাধাৰণক খাদ্যৰ ভেজালকৰণ সন্দৰ্ভত সজাগ কৰি তোলাৰ উদ্দেশ্যে চৰকাৰে ব্যাপক হাৰত সামাজিক মাধ্যমৰো সহায় লয় বুলি তেওঁ প্ৰকাশ কৰে। আন এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে উপভোক্তাসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় কনজিউমাৰ হেল্পলাইন গুৰুত্বপূৰ্ণ আহিলা হিচাপে পৰিগণিত হৈছে।
Site Admin | March 26, 2025 7:16 PM | Prahlad Joshi
খাদ্যত ভেজালকৰণৰ অভিযোগৰ ক্ষেত্ৰত চৰকাৰৰ কঠোৰ আৰু খৰতকীয়া ব্যৱস্থা গ্ৰহণ : প্ৰহ্লাদ যোশী
