কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকললৈ মৰগীয়া বানচৰ আৰু এটা কিস্তি মঞ্জুৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত এইবছৰৰ পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ চাকৰিয়ালসকলৰ বাবে অতিৰিক্ত ২ শতাংশ মৰগীয়া বানচ মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াকে লৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ মৰগীয়া বানচ মূল দৰমহাৰ ৫৩ শতাংশ হ’ব। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত ৰাজকোষৰ পৰা বছৰি অতিৰিক্ত ছহেজাৰ ৬১৪ কোটি ৪০ হাজাৰ টকা ব্যয় হ’ব। ইয়াৰ দ্বাৰা প্ৰায় ৪৮ লাখ ৬৬ হাজাৰ কৰ্মচাৰী আৰু ৬৬ লাখ ৫৫ হাজাৰ পেঞ্চনভোগী উপকৃত হ’ব বুলি এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে।
Site Admin | March 28, 2025 7:32 PM | Central Govt.
কৰ্মচাৰী আৰু পেঞ্চনভোগীসকললৈ মৰগীয়া বানচৰ আৰু এটা কিস্তি মঞ্জুৰ কেন্দ্ৰীয় চৰকাৰৰ
