ডাউনলোড
মোবাইল এপ

android apple
signal

March 21, 2025 10:24 AM | Hamas Attacked

printer

ইজৰাইলৰ টেল আভিভ চহৰত হামাছৰ ৰকেট নিক্ষেপ

ইজৰাইলে গাজাত পুনৰ সামৰিক অভিযান আৰম্ভ কৰাৰ পাছত প্ৰথম প্ৰত্যাক্ৰমণৰূপে হামাছে টেল আভিভ চহৰত ৰকেট নিক্ষেপ কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে জনোৱা অনুসৰি এটা ৰকেট প্ৰতিহত হোৱাৰ বিপৰীতে বাকী দুটা জনবসতিহীন এলেকাত বিস্ফোৰিত হয়। ইফালে গাজাৰ হামাছ পৰিচালিত স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি মাজনিশাৰ পৰা ইজৰাইলে আকাশী পথেৰে কৰা আক্ৰমণত পেলেষ্টাইনৰ কমেও ৮৫ জন লোক নিহত হৈছে। শেহতীয়া আক্ৰমণত ১৩৩ জন লোক আহত হোৱা বুলিও মন্ত্ৰালয়ে উল্লেখ কৰে। ইজৰাইলৰ স্থল বাহিনীয়ে জানুৱাৰী মাহৰ যুদ্ধবিৰতিৰ পাছত যোৱা বুধবাৰে প্ৰথমবাৰৰ বাবে গাজাত প্ৰৱেশ কৰি এটা গুৰুত্বপূৰ্ণ কৰিড’ৰ দখল কৰে। ইজৰাইল চৰকাৰে দাবী কৰিছে যে হামাছে এতিয়াও ৫৯ জন লোকক পণবন্দী কৰি ৰাখিছে আৰু ইয়াৰে ২৪ জন লোকহে জীৱিত অৱস্থাত আছে বুলি ধাৰণা কৰা হৈছে। ইপিনে ৰাষ্ট্ৰসংঘৰ সাহায্য আৰু কৰ্ম সংস্থা, U N R W Aৰ মুৰব্বী ফিলিপ লাজাৰিনিয়ে শেহতীয়াকৈ সংঘটিত আক্রমণত নিহতসকলৰ ভিতৰত সংস্থাটোৰ পাঁচজন কৰ্মচাৰীও আছে বুলি প্ৰকাশ কৰিছে। শত্ৰুতাৰ পৰ্যায়লৈ ঘূৰি অহাৰ ফলস্বৰূপে বাকী পণবন্দীসকলকে ধৰি সকলো নাগৰিক বিপদত পৰা বুলি ৰাষ্ট্ৰসংঘই সকীয়াই দিছে। ৰাষ্ট্ৰসংঘৰ মধ্যপ্রাচ্যৰ সহকাৰী সচিব প্রধান খালেদ খিয়াৰীয়ে কৈছে যে প্ৰতিটো দিনৰ নতুন নতুন হিংসাই পণবন্দীসকলৰ মুক্তি নিশ্চিত কৰাৰ প্ৰচেষ্টাক আৰু অধিক জটিল কৰি তুলিছে।

অধিক পঢ়ক

সকলো চাওক