ইউৰোপে ইউক্রেইনৰ শান্তি আলোচনাত অংশগ্ৰহণ নকৰে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰই ঘোষণা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি সহায়ক তথা ৰাছিয়া আৰু ইউক্রেইনৰ বাবে থকা বিশেষ কটকী কীথ কেলাঙে জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত বিশ্ব সুৰক্ষা সন্মিলনত কালি এই কথা প্ৰকাশ কৰে। অঞ্চলটোত শান্তি সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে গ্ৰহণ কৰা লক্ষ্য আগুৱাই নিয়াৰ উদ্দেশ্যে শ্ৰী কেলাঙে ২২ ফেব্ৰুৱাৰীলৈ ইউৰোপৰ বিভিন্ন দেশ ভ্ৰমণ কৰাৰ কথা। ইউক্রেইনৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত কি ধৰণৰ অৱদান আগবঢ়াব বুলি ইউৰোপীয় দেশসমূহলৈ ৱাশ্বিংটন মহলে প্রশ্নাৱলী প্ৰেৰণ কৰাৰ পাছতে শ্ৰী কেলাঙে এই বিবৃতি দিছে। ইয়াৰ পূৰ্বে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে ইউৰোপৰ এটা সংগঠিত সেনাবাহিনী গঢ়ি তোলাৰ বাবে আহ্বান জনাইছে। তেওঁ কয়, যে ৰাছিয়াৰ বিৰুদ্ধে ইউক্রেইনৰ যুদ্ধৰ ফলত এই বাহিনী গঠনৰ আৱশ্যকতা অনুভূত হৈছে। মিউনিখ নিৰাপত্তা সন্মিলনত দিয়া ভাষণত জেলেনস্কিয়ে এই সন্মিলিত বাহিনীটো গঠনত গুৰুত্ব আৰোপ কৰি কয়, যে আমেৰিকাই যিকোনো নিৰাপত্তা সম্পৰ্কীয় বিষয়ৰ পৰা সমর্থন প্রত্যাহাৰ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
Site Admin | February 16, 2025 11:15 AM | Europe-Ukraine
ইউৰোপে ইউক্রেইনৰ শান্তি আলোচনাত অংশগ্ৰহণ নকৰে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰই ঘোষণা
