ডাউনলোড
মোবাইল এপ

android apple
signal

January 14, 2025 2:25 PM | Los Angles Wildfire

printer

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ বিধবংসী বনজুইৰ বাবে ৯২ হাজাৰৰো অধিক লোকক স্থানান্তৰিত কৰাৰ নিৰ্দেশ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ বিধবংসী বনজুইৰ বাবে ৯২ হাজাৰৰো অধিক লোকক স্থানান্তৰিত কৰাৰ নিৰ্দেশ দিয়াৰ লগতে ৮৯ হাজাৰ লোকক এই ক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ কৰ্তৃপক্ষই নির্দেশ দিছে। লছ এঞ্জেলছৰ বিভিন্ন অংশলৈ বিয়পি পৰা এই বনজুইত এতিয়ালৈকে ২৫ জন লোকৰ মৃত্যু হৈছে আৰু ১২ জনৰো অধিক লোক সন্ধানহীন হৈ আছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে খৰাং বতৰ আৰু প্ৰৱল বতাহৰ বাবে যোৱা ৭ জানুৱাৰীত সূত্ৰপাত হোৱা বনজুই লছ এঞ্জেলছ কাউন্ট্ৰিৰ ৪০ হাজাৰ ৫০০ একৰ ভূমিলৈ বিয়পি পৰাৰ ফলত ১২ হাজাৰৰো অধিক আন্তঃগাঁঠনি জুইত জাহ গৈছে। লছ এঞ্জেলছৰ আঢ্যৱন্ত এলেকা পেচিফক পেলিছেডছৰ সৰ্ববৃহৎ বনজুই এতিয়ালৈকে নিৰ্বাপিত কৰিব পৰা হোৱা নাই । ইফালে দক্ষিণ কেলিফর্ণিয়াৰ বিভিন্ন অংশত বিদ্যুত সেৱা বন্ধ কৰি দিয়াৰ ফলত ৮০ হাজাৰৰো অধিক লোক প্ৰভাৱিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বতৰ সেৱা বিভাগে ৰেড ফ্লেগ সতর্কতা জাৰি কৰিছে । কেলিফর্ণিয়াৰ গৱৰ্ণৰ গেভিন নিউচমে এই বনজুই দেশখনৰ ইতিহাসৰ আটাইতকৈ ভয়াবহ প্রাকৃতিক দুৰ্যোগ হ’ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰাৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক