ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আব্ৰজন আৰু বিদেশী বিধেয়ক-২০২৫ত সন্মতি দিছে। এই বিধেয়কখনৰ জৰিয়তে ভাৰতলৈ বিদেশী নাগৰিকৰ আব্ৰজন, প্ৰৱেশ তথা ইয়াত থকাৰ সম্পর্কিত বিষয়সমূহ নিয়ন্ত্ৰণ কৰা হ’ব। ভাৰতত প্ৰৱেশ কৰাৰ পাৰপত্ৰ আইন-১৯২০, বিদেশী পঞ্জীয়ন আইন-১৯৩৯, বিদেশী আইন-১৯৪৬ আৰু আব্ৰজন আইন-২০০০ৰ সলনি এই আইনখন অনা হৈছে। চলিত সপ্তাহৰ আৰম্ভণিতে সংসদত গৃহিত হোৱা এই বিধেয়কখনত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনায়। এই আইনখনৰ জৰিয়তে আব্রজন সম্পৰ্কীয় নীতিসমূহ উন্নীত কৰিব বিচৰা হৈছে। এই আইনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক পাৰপত্ৰ, ভ্ৰমণৰ নথিপত্ৰ, ভিজা আৰু পঞ্জীয়ন সন্দৰ্ভত কিছুমান ক্ষমতা প্ৰদান কৰা হৈছে। এই আইনৰ অধীনত ভাৰতত প্ৰৱেশ কৰা, দেশখনত বসবাস কৰা অথবা দেশখনৰ পৰা অন্য দেশলৈ যোৱাৰ বাবে ভূৱা পাৰপত্ৰ ব্যৱহাৰ তথা যোগান ধৰা লোকক ৭ বছৰলৈকে কাৰাদণ্ড তথা ১০ লাখ টকালৈকে জৰিমনা বিহা হ’ব। তদুপৰি কোনো হোটেল, বিশ্ববিদ্যালয়, অন্যান্য শিক্ষানুষ্ঠান, চিকিৎসালয়সমূহৰ হাতত বিদেশী নাগৰিক সন্দৰ্ভত থকা তথ্য প্ৰদান কৰাটো বাধ্যতামূলক কৰা হৈছে। সকলো আন্তঃৰাষ্ট্ৰীয় জাহাজ তথা বিমান সেৱা সংস্থাই যাত্রী তথা বিমান কৰ্মীসকলৰ তথ্য আগতীয়াকৈ জনোৱাতো বাধ্যতামূলক কৰা হৈছে।
Site Admin | April 5, 2025 3:45 PM | Akashvani News | Droupadi Murmu | Parliament House | President of india
আব্ৰজন আৰু বিদেশী বিধেয়ক-২০২৫ত ৰাষ্ট্ৰপতি মুৰ্মুৰ সন্মতি
