আকাশবাণী ডিব্ৰুগড়ৰ অংশকালীন ঘোষক-ঘোষিকা তথা প্ৰসাৰণ সহযোগী চন্দন দাস আৰু অৰুণীতা দেৱীৰ বিদায় সম্বৰ্ধনা

■ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত তিনি দশকৰো অধিক কাল ধৰি সেৱা আগবঢ়াই অহা অংশকালীন ঘোষক-ঘোষিকা তথা প্ৰসাৰণ সহযোগী চন্দন দাস আৰু অৰুণীতা দেৱীক কালি বিদায় সম্বৰ্ধনা জনোৱা হয়। বিদায়ী অনুষ্ঠানত তেওঁলোকলৈ সম্বৰ্ধনা শৰাই আৰু গ্ৰন্থ আগবঢ়োৱা হয়। একেটা অনুষ্ঠানতে প্ৰায় ২৪ বছৰৰ সেৱা আগবঢ়াই দুবছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা এম হাছিম আলিকো সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত উপ-সঞ্চালক প্রধান কেনিয়েলো কেণ্ট ৰেংমা, আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান মুৰব্বী লোহিত ডেকা, অনুষ্ঠান কাৰ্যবাহী অৰুণ মৰাণকে ধৰি কেন্দ্ৰটোৰ কৰ্মৰত কেইবাগৰাকীও কৰ্মচাৰী উপস্থিত থাকে। অনুপ শৰ্মাই আঁত ধৰা এই অনুষ্ঠানত লোহিত ডেকাই সকলোৱে আকাশবাণীৰ প্ৰতি দেখুওৱা মৰম আৰু দায়বদ্ধতাৰ কথা স্মৰণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।