আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমান্সকৰ খেলত ডেহলি কেপিটেলছে ৰাজস্থান ৰয়েলছক ছুপাৰ অভাৰত পৰাস্ত কৰে। ডেলহি কেপিটলছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি অভিষেক পোৰেলৰ ৪৯ আৰু কে এল ৰাহুলৰ ৩৮ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৮৮ ৰান কৰে। প্ৰত্যুত্তৰত ৰাজস্থানেও নিৰ্ধাৰিত ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ১৮৮ ৰান সংগ্ৰহ কৰে। দুয়োটা দলৰ স্ক’ৰ সমান হোৱাত ছুপাৰ অভাৰৰ সহায় ল’বলগীয়া হয়। ছুপাৰ অভাৰত ৰাজস্থান ৰয়েলছে ১১ ৰান কৰে। ডেলহি কেপিটেলছে দুটা বল খেলিবলৈ বাকী থকা অৱস্থাত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে । প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে স্টেডিয়ামত হ’বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।
Site Admin | April 17, 2025 10:32 AM | IPL Cricket
আই পি এলত কালি ডেহলি কেপিটেলছৰ হাতত ৰাজস্থান ৰয়েলছ ছুপাৰ অভাৰত পৰাস্ত
