দৈনন্দিন জীৱনশৈলী সুস্থ আৰু সুন্দৰ কৰি তোলাৰ বাবে যোগাভ্যাসৰ গুৰুত্ব সমগ্ৰ বিশ্বৰ জনসাধাৰণে উপলব্ধি কৰিছে

দৈনন্দিন জীৱনশৈলী সুস্থ আৰু সুন্দৰ কৰি তোলাৰ বাবে যোগাভ্যাসৰ গুৰুত্ব সমগ্ৰ বিশ্বৰ জনসাধাৰণে উপলব্ধি কৰিছে। ২০১৪ চনত ৰাষ্ট্ৰসংঘত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণত এই বিষয়ে উত্থাপন কৰাৰ পাছতেই ২০১৫ চনৰ ২১ জুনৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন আৰম্ভ কৰা হয়। বিশ্বৰ বিভিন্ন দেশে যোগৰ উপকাৰিতাক মান্যতা দিয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় স্তৰত যোগৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে। ইফালে দেশৰ অন্যান্য ঠাইৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰস্তুতি অব্যাহত আছে। কৰিমগঞ্জ জিলাত এই দিৱস উদযাপনৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এখন সভা অনুষ্ঠিত হয়। এই সভাত যোগ দিৱস উদযাপনৰ বিভিন্ন দিশ সম্পর্কে পর্যালোচনা কৰা হয়। মৰিগাঁও জিলাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ অংশ হিচাপে পৰহিলৈ মৰিগাঁও নগৰৰ পবিতৰা হাট প্ৰেক্ষাগৃহত পুৱা ১০ বজাৰ পৰা এলানি যোগ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। চাৰিটা শাখাত হ’বলগীয়া প্ৰতিযোগিতাৰ বিজয়ীসকলক ২১ জুনত যোগ দিৱসৰ জিলা পৰ্যায়ৰ কাৰ্যসূচীত পুৰস্কৃত কৰা হ’ব। প্ৰথম শাখাত ১০ বছৰ পৰ্যন্ত, দ্বিতীয় শাখাত ১০ৰ পৰা ১৮ বছৰ, তৃতীয় শাখাত ১৮ৰ পৰা ৩৫ আৰু চতুৰ্থ শাখাত ৩৫ বছৰৰ উৰ্দ্ধৰ সকলে অংশ ল’ব পাৰিব।

অধিক পঢ়ক

সকলো চাওক