June 14, 2024 12:25 PM | Yoga Day

printer

মাজুলীত অহা ১৬ জুনত জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতাৰ আয়োজন

দৈনন্দিন জীৱনশৈলী সুস্থ আৰু সুন্দৰ কৰি তোলাৰ বাবে যোগাভ্যাসৰ গুৰুত্ব সমগ্ৰ বিশ্বৰ জনসাধাৰণে উপলব্ধি কৰিছে। ২০১৪ চনত ৰাষ্ট্ৰসংঘত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণত এই বিষয়ে উত্থাপন কৰাৰ পাছতেই ২০১৫ চনৰ ২১ জুনৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন আৰম্ভ কৰা হয়। বিশ্বৰ বিভিন্ন দেশে যোগৰ উপকাৰিতাক মান্যতা দিয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় স্তৰত যোগৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে।

ইফালে, দেশৰ অন্যান্য ঠাইৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰস্তুতি অব্যাহত আছে। মাজুলীৰ কমলাবাৰীৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত অহা ১৬ জুনত জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। চাৰিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই প্রতিযোগিতাত প্ৰথম পৰ্যায়ত ১০ বছৰ বয়সলৈকে, দ্বিতীয় পৰ্যায়ত ১০ৰ পৰা ১৮ বছৰলৈকে, তৃতীয় পৰ্যায়ত ১৮ৰ পৰা ৩৫ বছৰ বয়সলৈকে আৰু চতুর্থ পৰ্যায়ত ৩৫ বছৰৰ ঊৰ্ধৰ ব্যক্তিসকলে অংশগ্রহণ কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক