ক্ৰ’ৱেছিয়াত ডব্লিউ টি টি ফিডাৰ ৱৰ্জদিন টেবুল টেনিছ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত ভাৰতৰ ৪গৰাকী খেলুৱৈ

→ ভাৰতৰ চাৰিগৰাকীকৈ খেলুৱৈয়ে ক্ৰ’ৱেছিয়াত অনুষ্ঠিত ডব্লিউ টি টি ফিডাৰ ৱৰ্জদিন টেবুল টেনিছ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছত কালি জি সাতিয়ানে জাৰ্মানীৰ ফেলিক্স ৱেটজেলক ৩-১ ফলাফলত পৰাজিত কৰাৰ বিপৰীতে স্নেহিড সূৰৱাজ্জুলাই কাজাখস্তানৰ সাঝাৰ যুবান’ভক ৩-০ আৰু হৰমিত দেশায়ে দক্ষিণ কোৰিয়াৰ চো কীজঙক ৩-১ ফলাফলত পৰাভূত কৰে। একেদৰে মহিলাৰ ছিংগলছত ভাৰতৰ যশস্বিনী ঘোৰপড়েই ক্ৰ’ৱেছিয়াৰ মাটেজা জেগৰক ৩-০ পোনপটীয়া গেমত পৰাজিত কৰে। জি সাতিয়ান আৰু মণিকা বাঢ়াৰ ভাৰতীয় যুটিটো আজি মিক্সড ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত শ্লোভাকিয়াৰ লুবোমিৰ পিষ্টেজ আৰু বাৰবোৰা বালাজোভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

Read More News : ↵

লোকসভা নিৰ্বাচনৰ বাবে গুজৰাটৰ কংগ্ৰেছ দলৰ ৩ গৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ

কম ভোটদান হোৱা ১১ খন ৰাজ্যৰ পৌৰ আয়ুক্ত আৰু বচা বচা জিলা নির্বাচনী বিষয়াৰ সন্মিলনৰ আয়োজন নির্বাচন আয়োগৰ

কাজাখস্তান ইণ্টাৰনেচনেল চেলেঞ্জত ভাৰতৰ বেডমিণ্টন খেলুৱৈ অনমোল খাৰ্বে মহিলা ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

অধিক পঢ়ক

সকলো চাওক