ভাৰতৰ অমন চেহৰাৱটে হাংগেৰীত অনুষ্ঠিত বুডাপেষ্ট ৰেংকিং চিৰিজ-২০২৪ মল্লযুঁজ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰিছে। অমনে ৫৭ কিলোগ্রাম ওজন শাখাৰ পুৰুষৰ ফ্ৰিষ্টাইল ফাইনেলত বিশ্ব ছেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী জাপানৰ ৰেই হিগুচিৰ হাতত ১-১১ ফলাফলত পৰাজয় বৰণ কৰে। এই পদক জয়ৰ লগে লগে সমাগত পেৰিছ অলিম্পিকত অমনৰ স্থান উন্নীত হোৱাৰ আশা কৰা হৈছে।
Site Admin | June 7, 2024 6:13 PM | Wrestling- Budapest
বুডাপেষ্ট ৰেংকিং চিৰিজ-২০২৪ মল্লযুঁজ প্ৰতিযোগিতাত ভাৰতৰ অমন চেহৰাৱটৰ ৰূপৰ পদক অৰ্জন
