ডাউনলোড
মোবাইল এপ

android apple
signal

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত ভাৰতীয় ক্রিকেট দলৰ শীর্ষস্থান দখল

ভাৰতীয় ক্রিকেট দলে পুনৰ এবাৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত শীর্ষস্থান দখল কৰিছে। ইয়াৰ পূৰ্বে নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত তিনিখনীয়া টেষ্ট শৃংখলাত ভাৰতে পৰাজয়বৰণ কৰাৰ পাছত পইণ্ট তালিকাৰ শীৰ্ষস্থান হেৰুৱাই দ্বিতীয় স্থানলৈ অৱনমিত হৈছিল। সেই সময়ত ভাৰতক অতিক্রমী অষ্ট্ৰেলিয়াই তালিকাৰ শীৰ্ষস্থান দখল কৰিছিল। কিন্তু অষ্ট্ৰেলিয়াৰ পাৰ্থত খেলা প্ৰথমখন টেষ্টত জয়লাভ কৰাৰ পাছতে ভাৰতে ডব্লিউ টি চি পইণ্ট তালিকাৰ শীৰ্ষস্থান পুনৰুদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। বর্তমানে ভাৰতীয় ক্রিকেট দলৰ ১৫ খন খেলত মুঠ ১১০ পইণ্ট আছে। দলটোৱে খেলা মেচসমূহৰ ভিতৰৰ ১০ খনত জয়লাভ কৰাৰ বিপৰীতে ৫খনত পৰাজয়বৰণ কৰিছে। আনহাতে এখন খেল অমীমাংসিতভাৱে সামৰণি পৰিছে। ইয়াৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ দলটোৱে ১৩খন খেলৰ ৮খনত জয়, ৪খনত পৰাজয় আৰু এখন অমীমাংসিতভাৱে সামৰণি পৰা মেচৰ সৈতে ৯০ পইণ্ট অৰ্জন কৰি দ্বিতীয় স্থানত আছে। একেদৰে শ্ৰীলংকাৰ ক্ৰিকেট দলটো ৬০ পইণ্টেৰে তালিকাৰ তৃতীয় স্থানত, নিউজিলেণ্ডে ৭২ পইণ্টেৰে চতুৰ্থ স্থানত আৰু দক্ষিণ আফ্ৰিকা ৫২ পইণ্টেৰে তালিকাৰ পঞ্চম স্থানত আছে। উল্লেখযোগ্য যে কালি ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টত ভাৰতে অষ্ট্ৰেলিয়াক ২৯৫ ৰানৰ বিশাল ব্যৱধানত পৰাজিত কৰি ইতিহাস সৃষ্টি কৰিছে।

অধিক পঢ়ক

সকলো চাওক