সামুদ্রিক অঞ্চলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, প্ৰদূষণ হ্ৰাসৰ লগতে পৃথিৱীৰ উপৰিভাগ বাসোপযোগী কৰি ৰখাৰ লক্ষ্যৰে সজাগতা সৃষ্টিৰ বাবে আজি বিশ্ব সমুদ্ৰ দিৱস উদযাপন কৰা হৈছে। উল্লেখযোগ্য যে পৃথিৱীৰ উপৰিভাগৰ ৭০ শতাংশ সমুদ্রই আৱৰি আছে। সমুদ্ৰৰ পৰা পৃথিৱীৰ ৫০ শতাংশ অম্লজান উৎপন্ন হোৱাৰ লগতে ইয়াত অজস্ৰ জীৱ প্ৰজাতি পোৱা যায়। সামুদ্রিক অঞ্চলে পৃথিৱীৰ জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে মানৱ জাতিৰ অস্তিত্বৰ অন্যতম চৰ্ত হিচাপে বিবেচিত হৈ আহিছে। অৱশ্যে বিভিন্ন কার্যকলাপ বিশেষকৈ সভ্যতাৰ বিকাশৰ বাবে মানুহে কৰা কেতবোৰ কাম-কাজৰ বাবে সামুদ্রিক অঞ্চল ক্ৰমাৎ প্রদূষিত হৈছে। এই প্ৰদূষণ নিয়ন্ত্রিত নহলে ক্রমান্বয়ে ই পৃথিৱীৰ জীৱ প্ৰজাতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ আশংকা আছে। এনে দিশৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিশ্বজুৰি ব্যাপক সজাগতা সৃষ্টিৰ বাবে ১৯৯২ চনৰ পৰা প্ৰতিবছৰে ৮ জুনৰ দিনটো বিশ্ব সমুদ্ৰ দিৱস হিচাপে পালন কৰিবলৈ প্ৰস্তাৱ লোৱা হৈছিল। এই অনুসৰি ২০০৮ চনৰ ৫ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৮ জুনৰ দিনটো বিশ্ব সমুদ্র দিৱস হিচাপে পালনৰ কথা ঘোষণা কৰা হয়। প্ৰতিবছৰে ৰাষ্ট্ৰসংঘৰ সামুদ্রিক পৰিক্ৰমা আৰু সামুদ্রিক আইন বিভাগে এই উপলক্ষে সজাগতা কার্যসূচী গ্ৰহণ কৰে। সাম্প্রতিক বিশ্বই সন্মুখীন হোৱা জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰত্যাহ্বান ৰোধ কৰিবলৈ হলে সামুদ্রিক অঞ্চলৰ গুৰুত্ব উপলব্ধি কৰোৱাব লাগিব। সমুদ্রই গোলকীয় উত্তাপ নিয়ন্ত্ৰণ কৰাৰ লগতে বিভিন্ন খাদ্য আৰু ঔষধৰ উৎস হিচাপে বিবেচিত হৈ আহিছে। এইবাৰৰ এই দিৱসত বিষয় হৈছে নতুন গভীৰতা জাগ্ৰত কৰা। আনহাতে, দিৱসৰ বাবে কাৰ্যপন্থা গ্ৰহণৰ মূল বিষয় হৈছে আমাৰ সমুদ্ৰ আৰু জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ কাৰ্যপন্থা দ্রুত কৰি তোলা।
Site Admin | June 8, 2024 9:00 PM | world ocean day