আজি বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস

আজি বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস। পৰিভ্ৰমী পক্ষীসমূহৰ সংৰক্ষণ, সজাগতাৰ বাবে সমগ্ৰ বিশ্বতে আজিৰ দিনটো পৰিভ্ৰমী পক্ষী দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে মাজুলীত আর্যভট্ট বিজ্ঞান কেন্দ্র, উজনী মাজুলী আৰু মাজুলী বন বিভাগৰ সহযোগত ৰতনপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। চৰাই চোং পক্ষী অধ্যয়ন আৰু গৱেশণা কেন্দ্ৰৰ উদ্যোগত আয়োজিত অনুষ্ঠানতটোত চৰাই চোং জলাহ অঞ্চলৰ ভৱিষ্যৎ আৰু মাজুলী পক্ষী পৰ্যটনৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা হয় । গুৱাহাটীতো ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস উদযাপন কৰা হয়। চানমাৰি পেন্সনাৰ ভৱনত পতাকা উত্তোলনেৰে পক্ষী দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছত স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, পক্ষী আৰু প্ৰকৃতি বিষয়ক স্ব-ৰচিত কবিতা পাঠৰ লগতে গীত-মাতৰ অনুষ্ঠান আয়োজন কৰা হয়। মুকলি সভাত পক্ষী আৰু প্ৰকৃতি বিষয়ক আলোচনা চক্র আয়োজন কৰাৰ লগতে পক্ষী সংবাদ শীৰ্ষক এখন গ্ৰন্থৰ উন্মোচন কৰা হয়। উল্লেখযোগ্য যে ৰাজ্যখনৰ কাজিৰঙা, বুঢ়া চাপৰি, মানাহ, নামেৰী ইত্যাদি বনাঞ্চলসমূহলৈ শীতকালত আগমন হোৱা ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীসমূহে এটা নান্দনিক পৰিৱেশৰ সূচনা কৰে। গোলাঘাটৰ খুমতাই সমষ্টিৰ অন্তৰ্গত যোগীবাৰী, কামৰূপ মহানগৰৰ দীপৰ বিলকে ধৰি পৰিভ্ৰমী পক্ষী পর্যাটন ক্ষেত্ৰসমূহেও পৰিভ্ৰমী পক্ষী সংৰক্ষণৰ দিশত বিশেষ পদক্ষেপ গ্রহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক