আজি বিশ্ব স্বাস্থ্য দিৱস। জনসাধাৰণৰ মাজত স্বাস্থ্য সচেতনতা বঢ়োৱাৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰি অহা হৈছে। প্ৰতিবছৰে এই দিনটোতে বিশ্ব স্বাস্থ্য দিৱস পালন কৰি স্বাস্থ্য সংক্রান্তীয় এটা বিশেষ বিষয় সন্দৰ্ভত মানুহৰ মাজত সচেতনতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয়। ১৯৪৮ চনৰ আজিৰ এই দিনটোতেই বিশ্ব স্বাস্থ্য সংস্থাৰ জন্ম হৈছিল। এই বছৰৰ বিশ্ব স্বাস্থ্য দিৱসৰ প্ৰতিপাদ্য বিষয়বস্তু হৈছে- স্বাস্থ্যৱান আৰম্ভণি, আশাপূর্ণ ভৱিষ্যৎ। এই বিষয়টোৰ জৰিয়তে বিভিন্ন ৰোগ, মানসিক স্বাস্থ্যৰ প্ৰত্যাহ্বান সম্পৰ্কে সচেতনতা সৃষ্টি আৰু সমগ্ৰ বিশ্বতে স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়াৰ চেষ্টা কৰা হৈছে। প্ৰতিবছৰে বিশ্ব স্বাস্থ্য সংস্থাই এই দিৱসৰ বাবে এটা বিশেষ বিষয়ত আলোকপাত কৰে। ১৯৫০ চনত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰা হৈছিল। ইয়াৰ পাছত স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ আৰু মনোযোগ আকৰ্ষণৰ বাবে প্ৰতিবছৰে এই দিৱস পালন কৰি অহা হৈছে।
বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুস্থ পৃথিৱী গঢ়াৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰকাশ কৰিছে। তেওঁ কয়, যে জনতাৰ মংগলৰ বাবে চৰকাৰে স্বাস্থ্যসেৱাত গুৰুত্ব অব্যাহত ৰাখিব। সুস্বাস্থ্য প্ৰতিখন সমৃদ্ধিশালী সমাজৰ ভেটি বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয়, যে শেহতীয়া প্ৰতিবেদন অনুসৰি ২০৫০ চনৰ ভিতৰত ৪৪ কোটি ভাৰতীয় মেদবহুলতাত ভুগিব। তেওঁ জনসাধাৰণক খাদ্যত কমেও ১০ শতাংশ তেল হ্ৰাস কৰাৰ লগতে ব্যায়ামক দৈনিক জীৱনৰ অংশ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। এই প্রচেষ্টাসমূহ বিকশিত ভাৰতৰ যাত্ৰাত প্ৰতিজন নাগৰিকৰ সমূহীয়া অৱদান হ’ব বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। ৰাজ্যখনৰ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ কপিলী মহাবিদ্যালয়ত স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। মানৱ কল্যাণ সেৱা সংস্থাৰ সৌজন্যত ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগ আৰু ডিব্ৰুগড় লায়ন্স ক্লাবৰ সহযোগত জকাই ছাবিশঘৰীয়া অঞ্চলত এটা বিনামূলীয়া স্বাস্থ্য সেৱাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কার্যসূচীত ডাঃ প্রণিত কুমাৰ চৌধুৰী, ডাঃ অলক বৰুৱাকে ধৰি কেইবাজনো অভিজ্ঞ চিকিৎসকে বহুসংখ্যক লোকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰে ।