নতুন দিল্লীৰ ভাৰত মণ্ডপমত যোৱা ১৯ চেপ্তেম্বৰৰ পৰা ৪ দিনীয়াকৈ অনুষ্ঠিত ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৪ ৰ আজি সামৰণি পৰে। এই কাৰ্যসূচীত ৪০ খন সত্ৰ অনুষ্ঠিত হয়। অনুষ্ঠানসমূহত বিভিন্ন ৰাজ্যৰ সংশ্লিষ্ট বিভাগ আৰু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয় তথা সংস্থাসমূহৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত এহেজাৰ ৫৫৭ গৰাকী প্ৰদৰ্শনকাৰীয়ে বিভিন্ন উদ্ভাৱন প্ৰদৰ্শন কৰে। কাৰ্যসূচীত ২০ খন দেশৰ পেভেলিয়ন মুকলি কৰা হয়। ১০৮ খন ৰাষ্ট্ৰৰ ৮০৯ গৰাকী ক্রেতা আৰু ২ হেজাৰ ৩৯০গৰাকী বিদেশী প্রতিনিধিয়ে এই অনুষ্ঠানত অংশ লয়। উল্লেখযোগ্য যে কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুন আৰু নৱীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ দপ্তৰৰ মন্ত্ৰী চিৰাগ পাছোৱানে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল। আনহাতে, এই অনুষ্ঠানৰ প্ৰথম দিনা ভিডিঅ’ বাৰ্তাযোগে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় চৰকাৰে দেশৰ উদ্ভাৱন, বহনক্ষমতা আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত গোলকীয় মান নিৰ্ধাৰণৰ বাবে বদ্ধপৰিকৰ বুলি মন্তব্য কৰিছিল। তেওঁ কয় যে, ভাৰতৰ বিচিত্ৰ আৰু সমৃদ্ধ খাদ্য সংস্কৃতি আছে আৰু দেশৰ কৃষকসকল খাদ্য ব্যৱস্থাৰ মেৰুদণ্ডস্বৰূপ। তেওঁ কয় যে চৰকাৰে কৃষকসকলক উদ্ভাৱনমূলক নীতি আৰু গুৰুত্ব সহকাৰে আঁচনি ৰূপায়ণৰ দ্বাৰা সহায় কৰি আহিছে। প্ৰগতিশীল কৃষি পদ্ধতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে, শক্তিশালী প্ৰশাসনীয় পৰিকাথামো আৰু নতুন প্ৰযুক্তিৰ সহায়ত ভাৰতে খাদ্য প্ৰসংস্কৰণৰ ক্ষেত্ৰত ব্যাপক সংস্কাৰ আৰু ৰূপান্তৰ সাধন কৰিছে। কেন্দ্ৰীয় চৰকাৰে আধুনিক আন্তগাথনিৰ ক্ষেত্ৰত শক্তিশালী পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাৰ লগতে দেশত কৰ্ম সংস্থাপন সৃষ্টিৰ লক্ষ্যৰে যোগান শৃংখলা সৃষ্টি কৰিছে বুলিও তেও উল্লেখ কৰে। তেওঁ কয় যে খাদ্য প্ৰসংস্কৰণৰ ক্ষেত্ৰত এশ শতাংশ প্রত্যক্ষ বিদেশী বিনিয়োগ সম্ভৱ হৈছে। প্ৰধানমন্ত্রী কিষাণ সম্পদা যোজনাৰ দৰে আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে, চৰকাৰে কৃষকসকলৰ লগতে ক্ষুদ্র উদ্যোগসমূহক শক্তিশালী কৰাৰ বাবেও প্রচেষ্টা অব্যাহত ৰাখিছে। ৱৰ্ড ফুড ইণ্ডিয়া ২০২৪ ৰ অনুষ্ঠানত বিভিন্ন ৰাষ্ট্ৰৰ অংশগ্ৰহণৰ প্ৰসংগত তেওঁ কয় যে, সমগ্ৰ বিশ্বৰ সৈতে একেলগে কাম কৰাৰ বাবে এয়া এখন আদৰ্শ মঞ্চ হিচাপে পৰিগণিত হৈছে।
Site Admin | September 22, 2024 7:22 PM | World Food India 2024