দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব হস্তী দিৱস পালন

আজি বিশ্ব হস্তী দিৱস। হাতী আৰু মানুহৰ সংঘাত দূৰ কৰাৰ লগতে হস্তীকুলৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে এই দিৱস পালন কৰা হয়। ২০১২ চনৰ পৰা প্ৰতি বছৰে এই দিৱস আয়োজিত হৈ আহিছে। এই দিৱস উপলক্ষে আজি হাতী সংৰক্ষণৰ বাবে বিভিন্ন স্থানত সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত ১৪৮ টা হাতী চিকিৎসা কৰি বনাঞ্চলত মুকলি কৰি দিয়া হৈছে। কেন্দ্ৰটোৰ চিকিৎসক ডাঃ ভাস্কৰ চৌধুৰীয়ে প্ৰকাশ কৰা মতে হাতী-মানুহৰ সংঘাতৰ বিপৰীতে সহাৱস্থান অত্যন্ত প্ৰয়োজন হৈ পৰিছে । অসমত সম্প্রতি ৫ হাজাৰ ৫০০ টা মানহে হাতী আছে বুলি তেওঁ উল্লেখ কৰে। হাতীৰ বিচৰণভূমি হ্ৰাস পোৱাটো ইয়াৰ এটা কাৰণ বুলি তেওঁ মন্তব্য কৰে। মানস ৰাষ্ট্ৰীয় উদ্যানত আজি বিশ্ব হস্তী দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উপলক্ষে উদ্যানখনৰ বাঁহবাৰীৰ মহল কেম্পত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। হাতীসমূহক গা ধুৱাই স্বাস্থ্য পৰীক্ষা কৰা, খাদ্য যোগান ধৰাৰ লগতে সজাগতামূলক সভা অনুষ্ঠিত হয়। এই সভাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হাতী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ লগতে হাতী সুৰক্ষাৰ শপত গ্ৰহণ কৰোৱা হয়। বন বিভাগৰ উদ্যোগত তথা এটা স্বেচ্ছাসেৱী সংস্থা আৰু তামুলপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত আজি বিশ্ব হস্তী দিৱস উদযাপন কৰা হয়। জিলাখনৰ নাগ্ৰীজুলিৰ গংগামায়া হাইস্কুলত আজি এই উপলক্ষে এখন সজাগতা সভাৰ আয়োজন কৰা হয়। এই সভাত বি টি আৰৰ কেইবাগৰাকীও সদস্য, বন বিষয়া তথা অন্যান্য বিষয়াই অংশগ্ৰহণ কৰে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতি কাষৰীয়া শিলবড়ী অঞ্চলত আজি এই দিৱস উপলক্ষে এটা সজাগতামূলক শোভাযাত্রা উলিওৱা হয়।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হস্তী দিৱস উপলক্ষে হাতীৰ সুৰক্ষাৰ বাবে লোৱা পদক্ষেপসমূহৰ প্ৰশংসা কৰিছে।সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত প্রধানমন্ত্ৰীয়ে কয় যে হাতী আমাৰ সংস্কৃতি আৰু ইতিহাসৰ সৈতে জড়িত হৈ আছে। তেওঁ হাতীৰ অনুকুল বাসস্থান নিশ্চিত কৰিবলৈ সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণৰ বাবে দিয়া প্ৰতিশ্ৰুতিৰ বিষয়ে পুনৰবাৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে যোৱা কেইটামান বছৰত হাতীৰ সংখ্যা বৃদ্ধি পোৱাত আনন্দ প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক