আজি বিশ্ব নাট্য দিৱস। ১৯৬১ চনত আজিৰ দিনটোৰ পৰা আন্তঃৰাষ্ট্ৰীয় নাট্য প্রতিষ্ঠানে ইউনেস্কোৰ সহযোগত নাট্যকলা আৰু সৃজনীশীলতাক উদযাপনৰ বাবে এই দিৱস পালনৰ সিদ্ধান্ত লোৱা হৈছিল।
বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব নাট্য দিৱস উপলক্ষে বিভিন্ন নাট্যনুষ্ঠানৰ আয়োজন কৰা হৈছে। দিৱস উপলক্ষে সমাহাৰ নাট্য গোষ্ঠীয়ে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত ড° সীতানাথ লহকৰ ৰচিত আৰু পৰিচালিত ‘ন্যায়’ নামৰ নাটকখন মঞ্চস্থ কৰিছে। বিশিষ্ট লেখক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অৱণী কুমাৰ ভাগৱতীয়ে নাটকখন উদ্বোধন কৰে।
যোৰহাট থিয়েটাৰ প্ৰেক্ষাগৃহত আজি বিশ্ব নাট্য দিৱস উপলক্ষে প্ৰসিদ্ধ নাট্যকাৰ প্ৰয়াত অৰুণ শৰ্মাৰ চিত্রলেখা নাটকখন মঞ্চস্থ কৰা হৈছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিশ্ব নাট্য দিৱস উপলক্ষে নাট্য কলাৰ সৈতে জড়িত প্ৰতিগৰাকী সংস্কৃতিৰ সাধকক আন্তৰিক শুভকামনা কৰিছে। নাট্যকলাৰ জৰিয়তে সম্ভাৱনাময় এখন অনন্য সমাজ গঢ় লৈ উঠে বুলি তেওঁ মত প্ৰকাশ কৰে।