আজি বিশ্ব ৰক্তদাতা দিৱস। দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যতো এই দিৱস পালন কৰা হৈছে। এই উপলক্ষে প্ৰদান কৰা বক্তব্যত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰক্তদান হৈছে মানুহৰ জীৱনৰ অন্যতম শ্রেষ্ঠ মহাত দান। এই দানে আন এজনৰ জীৱন ৰক্ষা কৰিব পাৰে। সেয়েহে তেওঁ ৰক্তদানৰ ইতিবাচক দিশসমূহ প্ৰচাৰ কৰি সমাজলৈ শুভবাৰ্তা প্ৰৰেণ কৰিবলৈ আহ্বান জনায়। ইফালে বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি অসম ৰাজ্যিক ৰক্ত সংৰচন পৰিষদে আয়োজন কৰা ৰাজ্যিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
কাৰ্যসূচীৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ৰ ৰক্ত কেন্দ্ৰই ব্যৱস্থাপনা কৰা স্বেচ্ছামূলক ভ্রাম্যমাণ ৰক্তদান শিবিৰৰ শুভাৰম্ভ কৰে। এই শিবিৰত স্বেচ্ছামূলকভাৱে ৰক্তদান কৰি সহানুভৱতাৰ নিদৰ্শন দেখুওৱা শ্ৰেষ্ঠ ৰক্তদাতাসকল, প্ৰতিৰক্ষা বাহিনী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী বিষয়া-জোৱানসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ বিশ্ব ৰক্তদাতা দিৱসৰ লগত সংগতি মৰিগাঁও অসামৰিক চিকিৎসালয়ত আজি ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। ৰক্তদাতাসকলক মৰিগাঁও জিলা আয়ুক্তই শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে বিশ্ব ৰক্তদাতা দিৱস বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পটালতো পালন কৰা হয়। চিকিৎসালয়খনৰ ব্লাড বেংকৰ উদ্যোগত ৰক্তদানৰ বিশেষ কাৰ্যসূচী সম্পন্ন হয়। চিকিৎসালয়খনত আজি ৫০ গৰাকী লোকৰ ৰক্ত গ্ৰহণ কৰা হয়। লগতে ৰক্তদান কৰা ব্যক্তিসকলক হাস্পটাল কৰ্তৃপক্ষই আদৰণিও জনায়।
শিৱসাগৰতো এখন ব্যক্তিখণ্ডৰ হাস্পটালত বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত ৰক্তদান শিবিৰ জিলা সহকাৰী আয়ুক্তই মুকলি কৰে। আজিৰ শিবিৰটোত প্ৰায় ৫০ গৰাকী ব্যক্তিয়ে ৰক্তদান কৰে।