২ দশমিক ৭ শতাংশৰ গোলকীয় বিকাশ হাৰক চেৰ পেলাই ভাৰতৰ বিকাশ হাৰ ৬ দশমিক ৭ শতাংশ হ’ব বুলি বিশ্ব বেংকে অনুমান কৰিছে। বিশ্ব বেংকৰ গোলকীয় অর্থনীতি প্রেক্ষাপট সম্পৰ্কীয় প্ৰতিবেদনত জানুৱাৰীৰ সংস্কৰণত পৰৱৰ্তী দুটা বিত্তীয় বৰ্ষত ভাৰতৰ দ্রুত বিকাশশীল বৃহৎ অর্থব্যৱস্থাৰ মৰ্যাদা অক্ষুণ্ণ থাকিব বুলি উল্লেখ কৰা হৈছে। এই প্ৰতিবেদনত চৰকাৰৰ ৰূপান্তৰকামী উদ্যমৰ লগতে সেৱা খণ্ডৰ অভূতপূৰ্ব বিকাশ আৰু নিৰ্মাণ আধাৰৰ সম্প্ৰসাৰণৰ বাবেই ভাৰতীয় অর্থব্যৱস্থাৰ বিকাশ বৃদ্ধি পোৱা বুলি কোৱা হৈছে। আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ পৰা কৰ ব্যৱস্থাৰ সৰলীকৰণৰ দৰে ব্যৱস্থাই ঘৰুৱা বিকাশ ত্বৰান্বিত কৰিছে আৰু ভাৰতক গোলকীয় অর্থনৈতিক সুস্থিৰতাৰ ভেটি ৰূপে পৰিগণিত কৰিছে। প্ৰতিবেদনত লগতে চীনৰ অৰ্থনৈতিক বিকাশৰ হাৰ পৰৱৰ্তী বছৰত ৪ শতাংশলৈ হ্ৰাস পাব বুলি উল্লেখ কৰা হৈছে। অনাগত সময়ত দেশৰ সেৱা খণ্ডৰ দ্ৰুত বিকাশ অব্যাহত থাকিব আৰু নিৰ্মাণৰ সৈতে জড়িত কামকাজ সুদৃঢ় হ’ব বুলি বিশ্ব বেংকৰ প্ৰতিবেদনত কোৱা হৈছে। প্ৰতিবেদনত লগতে মুদ্রাস্ফিতিৰ হাৰৰ নিম্নমুখী গতি, সুলভ ঋণ আৰু শক্তিশালী শ্ৰম বজাৰৰ বাবে দেশত বিভিন্ন সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি পাব বুলি উল্লেখ কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিয়েও ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতৰ অর্থনৈতিক বিকাশ হাৰ ৬ দশমিক ৫ শতাংশ হ’ব বুলি পূর্বানুমান প্ৰকাশ কৰিছে।
Site Admin | January 19, 2025 12:14 PM | surpassing global growth of 2.7 % | World Bank projects 6.7 % growth for India
ভাৰতৰ বিকাশ হাৰ ৬ দশমিক ৭ শতাংশ হোৱাৰ সম্ভাৱনাঃ বিশ্ব বেংক
