September 4, 2024 11:56 AM | World Bank

printer

বিশ্ব বেংকৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত দেশৰ বিকাশ হাৰ ৭ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা

বিশ্ব বেংকে কৈছে যে প্ৰত্যাহ্বানজনক বাহ্যিক পৰিস্থিতি সত্বেও ভাৰত সম্পৰ্কীয় মধ্যৱৰ্তী সময়ছোৱাৰ দৃষ্টিভংগী ইতিবাচক হৈ থকাৰ সম্ভাৱনা আছে। ভাৰত বিকাশ আপডেট : পৰিৱৰ্ত্তিত গোলকীয় প্ৰেক্ষাপটত ভাৰতৰ বাণিজ্যিক সুযোগ শীৰ্ষক বিশ্ব বেংকৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত দেশৰ বিকাশ হাৰ ৭ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ২০২৫-২৬ আৰু ২০২৬-২৭ বৰ্ষতো এই হাৰ শক্তিশালী হৈ থাকিব। প্ৰতিবেদনত লগতে ৰাজহ বৃদ্ধি আৰু বিত্তীয় সুদৃঢ়কৰণৰ ফলস্বৰূপে ঋণ আৰু মুঠ ঘৰুৱা উৎপাদনৰ অনুপাত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ৮৩.৯ শতাংশৰ পৰা ২০২৬-২৭ বৰ্ষৰ ভিতৰত ৮২ শতাংশলৈ হ্ৰাস পাব বুলি কোৱা হৈছে। ২০২৬-২৭ বিত্তীয় বৰ্ষ পৰ্যন্ত কাৰেণ্ট একাউণ্ট ডেফিচিট অর্থাৎ ৰপ্তানিৰ বাবে হোৱা বিদেশী মুদ্ৰাৰ ব্যয় আৰু আমদানিৰ বাবে হোৱা ব্যয়ৰ মাজৰ ব্যৱধান ১ৰ পৰা ১.৬ শতাংশৰ ভিতৰত থকাৰ সম্ভাৱনা আছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ভাৰতৰ বিকাশ সম্পৰ্কীয় এই প্ৰতিবেদনত লগতে ২০২৩-২৪ বিত্তীয় বৰ্ষত ৮.২ শতাংশ বিকাশ হাৰেৰে ভাৰত সবাতোকৈ দ্রুত বিকাশশীল গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থা ৰূপে পৰিগণিত হব বুলি কোৱা হৈছে। ভাৰতে ৰাষ্ট্ৰীয় পৰিবহন নীতি আৰু ডিজিটীয় উদ্যমৰ জৰিয়তে নিজৰ প্ৰতিযোগিতাত্মক সামর্থ্য বৃদ্ধি কৰিছে আৰু ইয়াৰ ফলত ব্যৱসায়ৰ ব্যয় হ্ৰাস পাইছে বুলি প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক