নিউজিলেণ্ডে মহিলাৰ টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত গ্ৰুপ-এৰ পৰা দ্বিতীয়টো দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে যোৱানিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাকিস্তানক ৫৪ ৰানৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১১০ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত পাকিস্তানে ১১ অভাৰ আৰু চাৰিটা বলত মাত্র ৫৬ ৰান কৰি আটাইকেইটা উইকেট হেৰুৱায়। ইপিনে, কালিৰ খেলখনত নিউজিলেণ্ড জয়ী হোৱা বাবে ভাৰত প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। ৪ খনৰ ভিতৰত দুখনত জয় লাভ কৰা ভাৰতে ৪ পইণ্ট সংগ্ৰহ কৰি গ্ৰুপ-এৰ পইণ্ট তালিকাৰ তৃতীয় স্থানত থাকে। ভাৰতে গ্রুপ পর্যায়ত শ্রীলংকা আৰু পাকিস্তানৰ বিৰুদ্ধে জয় লাভ কৰিছিল যদিও প্রতিযোগিতাৰ প্ৰথমখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ৫৮ ৰানত আৰু দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজিত হৈছিল। গ্রুপ-এত চাৰিওখন খেলত জয়লাভ কৰা অষ্ট্ৰেলিয়াই ৮ পইণ্ট আৰু তিনিখন খেলত জয়লাভ কৰা নিউজিলেণ্ডে ৬ পইণ্ট অৰ্জন কৰে।
Site Admin | October 15, 2024 11:05 AM | Womens T20 Cricket World Cup New Zealand defeats Pakistan by 54 runs