মহিলা প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত ডেলহী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক ৯ উইকেটত পৰাস্ত কৰে। বেংগালুৰুৰ এন চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ডেলহী কেপিটেলছে ১২৪ ৰানৰ বিজয় লক্ষ্যৰে খেলি হাতত ৯টা উইকেট আৰু ৩৩টা বল বাকী থকা অৱস্থাত বিজয় সাব্যস্ত কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি মুম্বাই ইণ্ডিয়ানছে নির্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১২৩ ৰান সংগ্ৰহ কৰে। ডেলহী কেপিটেলছৰ অধিনায়ক মেগ লেনিঙে ৪৯টা বলত অপৰাজিত ৬০ ৰানৰ বৰঙণি আগবঢ়ায়। দলটোৰ শ্বেফালী বার্মাই ৪৩ ৰান কৰে। মিন্নু মানী আৰু জেছ জ’নাশ্বেনে ডেলহী কেপিটেলছৰ হৈ তিনিটাকৈ উইকেট দখল কৰে। জেছ জনাশ্বেনক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়। এই জয়ৰ সুবাদত ডেলহী কেপিটেলছে মহিলা প্ৰিমিয়াৰ লীগৰ তালিকাৰ শীৰ্ষস্থান দখল কৰিবলৈ সমৰ্থ হয়।
আজি বেংগালুৰুৰ একেটা স্থানতে সন্ধিয়া চাৰে ৭ বজাত ডেলহী কেপিটেলছ, ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।