ভাৰতীয় মহিলা ক্রিকেট দলে কালি আহমেদাবাদত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত নিউজিলেণ্ডক ৬ উইকেটত পৰাস্ত কৰি ২-১ ফলাফলেৰে শৃংখলা হস্তগত কৰে। ভাৰতে ২৩৩ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি স্মৃতি মান্ধানাৰ আকৰ্ষণীয় বেটিঙৰ সহায়ত ৪৪ অভাৰ আৰু দুটা বলত চাৰিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। স্মৃতি মান্ধানাই ১২২টা বলত ১০০ ৰাণ কৰে। ইয়াৰ পূৰ্বে নিউজিলেণ্ডে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ৪৯ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৩২ ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ ব্রুক হেলিডেই ৮৬ ৰাণ আৰু জর্জিয়া প্লিমাৰে ৩৯ ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ দীপ্তি শৰ্মাই তিনিটা উইকেট দখল কৰে। দিপ্তী শৰ্মাক প্লেয়াৰ অব দ্য চিৰিজ আৰু স্মৃতি মান্ধানাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়।
Site Admin | October 30, 2024 12:10 PM | Womens Cricket India beat New Zealand by 6 wickets in the final match