শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত ভাৰতে কাইলৈ হবলগীয়া প্ৰথমখন ছেমি ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে একেদিনাই হ’বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত শ্ৰীলংকা পাকিস্তানৰ মুখামুখি হ’ব। আয়োজক দেশ শ্রীলংকাই কালি প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত থাইলেণ্ডক ১০ উইকেটত পৰাস্ত কৰে। খেলখনত থাইলেণ্ডে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ৯৩ ৰাণ কৰে। থাইলেণ্ডৰ হৈ নন্নাপট কোনচৰো এনকাইয়ে ৫৩টা বলত ৪৭ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। শ্ৰীলংকাৰ কৱিছা দিলহাৰীয়ে দুটা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত শ্ৰীলংকাই ১১ অ’ভাৰ আৰু তিনিটা বলত এটাও উইকেট নেহেৰুৱাকৈ ৯৪ ৰাণ কৰে। শ্ৰীলংকাৰ হৈ ছমাৰি উথাপঙ্গুই ৪৫ আৰু ৱিশ্মি গুণৰত্নেই ৩৯ ৰাণ কৰি আউট নোহোৱাকৈ থাকে ।
Site Admin | July 25, 2024 5:50 PM | Women's Cricket