ভাৰতৰ মহিলা ক্রিকেট দলটোৱে কালি বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন এদিনীয়া আন্তর্জাতিক খেলত দক্ষিণ আফ্রিকাক ৬ উইকেটত পৰাস্ত কৰে আৰু ৩-০ ফলাফলেৰে শৃংখলা হস্তগত কৰে। খেলখনত টছত জিকি দক্ষিণ আফ্রিকাই প্রথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰত ৮টা উইকেট হেৰুৱাই ২১৫ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ অধিনায়ক লউৰা ৱ’লভার্টে সৰ্বাধিক ৬১ ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ দিপ্তী শৰ্মাই ২৭ ৰানৰ বিনিময়ত দুটা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে ৪০ অভাৰ আৰু ৪টা বলত স্মৃতি মান্ধানাৰ ৯০ ৰানৰ সহায়ত ৪টা উইকেট হেৰুৱাই বিজয় লক্ষ্য অতিক্ৰম কৰে। খেলখনত আগবঢ়োৱা অনবদ্য প্ৰদৰ্শনৰ বাবে দিপ্তী শৰ্মাক প্লেয়াৰ অব দ্যা মেচ সন্মান প্ৰদান কৰা হয়। একেদৰে স্মৃতি মান্ধানাই প্লেয়াৰ অব দ্যা ছিৰিজ সন্মান লাভ কৰে।
Site Admin | June 25, 2024 1:04 PM | Women's Cricket
তৃতীয় তথা অন্তিমখন এদিনীয়া আন্তর্জাতিক খেলত ভাৰতৰ মহিলা ক্রিকেট দলটোৰ হাতত দক্ষিণ আফ্রিকা ৬ উইকেটত পৰাস্ত
