লণ্ডনৰ অল ইংলেণ্ড ক্লাবত কালিৰে পৰা চলিত বৰ্ষৰ উইম্বলডন টেনিছ চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ শীৰ্ষ বাছনিপ্ৰাপ্ত খেলুৱৈ ইটালীৰ জেনিক চিনাৰে প্ৰথম ৰাউণ্ডত জাৰ্মানীৰ য়ান্নিক হাফমেনক ৬-৩, ৬-৪, ৩-৬, ৬-৩ ছেটত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। ইয়াৰ পূৰ্বে প্ৰথম ৰাউণ্ডত নৰৱেৰ অষ্টম বাছনিপ্ৰাপ্ত কেচপাৰ ৰুডে অষ্ট্ৰেলিয়াৰ এলেক্স বটৰ বিৰুদ্ধে ৭-৬, ৬-৪, ৬- ৪ ছেটত বিজয় সাব্যস্ত কৰে। একেদৰে প্ৰথম ৰাউণ্ডত কানাডাৰ ডেনিছ ছাপ’ভালভে চিলিৰ নিক’লাছ জেৰিক ৬-১, ৭-৫, ৬-৪ আৰু বুলগেৰিয়াৰ দশম বাছনিপ্ৰাপ্ত গ্ৰীগৰ ডিমিট্’ভে ছাৰ্বিয়াৰ দুশান লাজ’ভিকক ৬-৩, ৬-৪, ৭-৫ ছেটত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে। অৱশ্যে যোৱানিশা প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডতে ভাৰতৰ সুমিত নাগল ছাৰ্বিয়াৰ প্ৰতিদ্বন্দ্বী মিঅ’মিৰ কেকমানভিকৰ বিৰুদ্ধে ২-৬, ৬-৩, ৩-৬, ৪- ৬ ছেটত পৰাস্ত হয়। ইপিনে প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিতীয় বাছনিপ্ৰাপ্ত কক’ গফ আৰু গ্ৰীচৰ নৱম বাছনিপ্ৰাপ্ত মাৰিয়া ছাক্কাৰি দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। প্ৰথম ৰাউণ্ডত গফে স্বদেশৰ কেৰ’লিন ডলেহিডেক ৬-১, ৬-২ আৰু মাৰিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেককার্টনি কেচলাৰক ৬-৩, ৬-১ ছেটত পৰাস্ত কৰে।
Site Admin | July 2, 2024 12:59 PM | MNG. wimbledon