উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ চেক গণৰাজ্যৰ বাৰবোৰা ক্রাইজিকোভা

■ চেক গণৰাজ্যৰ বাৰবোৰা ক্রাইজিকোভা প্ৰথমবাৰৰ বাবে উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৩১ সংখ্যক বাছনিপ্রাপ্ত ক্রাইজিকোভাই যোৱানিশা লণ্ডনত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত কাজাখস্তানৰ এলেনা ৰায়বাকিনাক ৩-৬, ৬-৩, ৬-৪ ছেটত পৰাস্ত কৰে।

ইয়াৰ পূৰ্বে সপ্তম বাছনিপ্রাপ্ত ইটালীৰ জেছমিন পাঅ’লিনিয়ে মহিলাৰ ছিংগলছৰ প্ৰথমখন ছেমি ফাইনেলত ক্ৰ’ৱেছিয়াৰ ডোনা ৱেকিক ২-৬, ৬-৪, ৭-৬ ছেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে।
প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত আজি যোৱাবাৰৰ চেম্পিয়ন স্পেইনৰ কাৰ্লোৰ্ছ অল্কাৰাজ ৰাছিয়াৰ ডানিয়ল মেডৱেদেভৰ সন্মুখীন হ’ব। আন এখন ছেমি ফাইনেলত ৭ বাৰৰ চেম্পিয়ন আৰু দ্বিতীয় বাছনিপ্ৰাপ্ত ছাৰ্বিয়াৰ নোভাক জ’ক’ভিছ ইটালীৰ ২৫ সংখ্যক বাছনিপ্ৰাপ্ত লৰেঞ্জো মুছিটিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক

সকলো চাওক