July 5, 2024 12:51 PM | Wimbeldon

printer

যুকি ভান্ত্ৰী আৰু আলবানো অলিভেট্টি উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

ভাৰতৰ যুকি ভান্ত্ৰী আৰু তেওঁৰ ফৰাচী সহযোগী আলবানো অলিভেট্টি লণ্ডনত চলি থকা উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ভান্ত্ৰী আৰু অলিভেট্টিয়ে কালি বিয়লি অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ খেলত কাজাখস্তানৰ আলেকজেণ্ডাৰ বুবলিক আৰু আলেকজেণ্ডৰ ছেভছেন কোক ৬-৪, ৬-৪ ছেটত পৰাস্ত কৰে। অৱশ্যে পুৰুষৰ ডাবলছৰ আন এখন খেলত ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু তেওঁৰ সহযোগী লিউক জনছনৰ যুটীটো ফ্ৰেন্স অপেনৰ বিজয়ী ক্ৰৱেছিয়াৰ মেট পেভিক আৰু এল ছালভাডৰৰ মাৰ্ছেলো আৰেভালোৰ বিৰুদ্ধে ৪-৬, ৬-৭ ছেটত পৰাস্ত কৰে। ইপিনে ভাৰতৰ ৰোহন বোপান্না আৰু তেওঁৰ অষ্ট্ৰেলিয়াৰ সহযোগি মেথিউ এবডেনৰ যুটীটো প্ৰতিযোগিতাৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে। যুটীটোৱে প্ৰথম ৰাউণ্ডত নেডাৰলেণ্ডছৰ ছেণ্ডাৰ আৰেছ আৰু ৰবিন হাছে যুটীটোক ৭-৫, ৬-৪ ছেটত পৰাস্ত কৰে। বোপান্না আৰু এবডেনৰ যুটীটো আজি বিয়লি হ’বলগীয়া প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডৰ খেলত জাৰ্মানীৰ হেন্দ্ৰিক জেবেঞ্চ আৰু কনষ্টানটিন ফ্ৰাণ্টজেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। অৱশ্যে ভাৰতৰ সুমীত নাগল আৰু তেওঁৰ ছাৰ্বিয়াৰ সহযোগী দুছান লাজ’ভিকৰ যুটীটো প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডতে পৰাস্ত হৈছে। প্ৰথম ৰাউণ্ডত নাগল আৰু লাজ’ভিকৰ যুটীটোক স্পেইনৰ পেড় মার্টিনেজ আৰু জাউমে মুনাৰৰ যুটীটোৱে ৬-২, ৬-২ পোনপটীয়া ছেটত পৰাস্ত কৰে। ইয়াৰ আগেয়ে সুমীত নাগল পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডতো ছাৰ্বিয়াৰ মিঅ’মিৰ কেকমানভিকৰ বিৰুদ্ধে পৰাস্ত হৈছিল।

অধিক পঢ়ক

সকলো চাওক