July 4, 2024 1:22 PM | Wimbeldon

printer

উম্বলডনত জয়েৰে অভিযান আৰম্ভ ৰোহন বোপন্না আৰু মেথিউ এবডেনৰ যুটীটোৰ

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটোৱে উম্বলডন অপেন টেনিছ প্রতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। বোপন্না আৰু এবডেনৰ যুটীটোৱে যোৱানিশা পুৰুষৰ ডাবলছৰ এখন খেলত নেডাৰলেণ্ডছৰ ছেণ্ডাৰ অৰেণ্ডছ আৰু ৰবীন হাছেৰ যুটীটোক পৰাস্ত কৰে। অৱশ্যে ভাৰতৰ সুমিত নাগল আৰু চাৰ্বিয়াৰ দুছান লাজোভিছৰ যুটীটোৱে পুৰুষৰ ডাবলছত স্পেইনৰ পেড়ো মার্টিনেজ আৰু মুনাৰৰ হাতত ৬-২, ৬-২ পোনপটীয়া ছেটত পৰাজিত হয়। সুমিত নাগল চাৰ্বিয়াৰ মিয়োমিৰ কেকমানভিচৰ হাতত ২-৬, ৬-৩, ৩-৬, ৪-৬ ছেটত পৰাজিত হৈ ইতিমধ্যে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডৰ পৰা বাহিৰ হৈছে।

অধিক পঢ়ক

সকলো চাওক