July 3, 2024 1:20 PM | Wimbeldon

printer

উইম্বলডনত তাৰকা খেলুৱৈ নভাক জকভিছৰ জয়েৰে অভিযান আৰম্ভ

গ্ৰেণ্ড শ্লেম টেনিছ প্রতিযোগিতা উইম্বলডনত তাৰকা খেলুৱৈ নভাক জকভিছে জয়েৰে অভিযান আৰম্ভ কৰিছে। যোৱানিশা হোৱা প্ৰথম ৰাউণ্ডৰ খেলত জকভিছে ৬-১, ৬-২ আৰু ৬-২ ৰ ব্যৱধানত জয় লাভ কৰে। ইফালে, পুৰুষৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ অন্য এখন খেলত জেৰভে ৬-২, ৬-৪ আৰু ৬-২ৰ ব্যৱধানত জয়লাভ কৰে। আনহাতে, মহিলাৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ খেলত ইগাই ৬-৩, ৬-৪ৰ ব্যৱধানত জয়লাভ কৰি প্ৰত্যাশিত আৰম্ভণি কৰে। উল্লেখযোগ্য যে, খিতাপ প্রত্যাশি আলকাৰ্জেৰ লগতে ডানিল, অছাকা, গ’ফ আদি তাৰকা খেলুৱৈসকলেও প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক