উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত জেছমিন পাঅ’লিনি বাৰবোৰা ক্রাইজিকোভাৰ বিৰুদ্ধে অৱতীৰ্ণ হব

● সপ্তম বাছনিপ্রাপ্ত জেছমিন পাঅ’লিনি আজি উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত ৩১ সংখ্যক বাছনিপ্রাপ্ত বাৰবোৰা ক্রাইজিকোভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। চেক গণৰাজ্যৰ ক্ৰাইজিকোভাই বৃহস্পতিবাৰে ছেমি ফাইনেলত কাজাখস্তানৰ এলিনা ৰায়বাকিনাক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। আনহাতে ইটালীৰ পাঅলিনিয়ে ৱেচিয়াৰ ডোনা ৱেকিছক পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিছে।

ইফালে, প্রতিযোগিতাৰ পুৰুষৰ ছিংগলৰ ফাইনেলত কাইলৈ ৭ বাৰৰ চেম্পিয়ন ন’ভাক জ’ক’ভিচ যোৱাবাৰৰ চেম্পিয়ন কার্লোছ অন্কাৰ সন্মুখীন হ’ব। চাৰ্বিয়াৰ জক’ভিচে কালি ছেমি ফাইনেলত ইটালীৰ লোৰেঞ্জো মুছেটিক ৬-৪, ৭-৬, ৬-৪ পোনপটীয়া ছেটত পৰাস্ত কৰাৰ বিপৰীতে অলকাৰাজে ৰাছিয়াৰ ডেনিল মেদৱেদেভক ৬-৭, ৬-৩, ৬-৪, ৬-৪ ছেটত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। ইপিনে, পুৰুষৰ ডাবলছ ফাইনেলত আজি ব্ৰিটেইনৰ হেনৰী পেটন আৰু ফিনলেণ্ডৰ হেৰী হেলিঅ’বাৰাৰ যুটীটো অষ্ট্ৰেলিয়াৰ মেক্স প’ৰচেল আৰু জৰ্দান থম্পছনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। একেদৰে মহিলাৰ ডাবলছৰ ফাইনেলত আজি দ্বিতীয় বাছনিপ্ৰাপ্ত কানাডাৰ গেবব্রিলা ডাবক্সি আৰু নিউজিলেণ্ডৰ এৰিন ৰোট’লিফ চতুর্থ বাছনিপ্ৰাপ্ত চেক গণৰাজ্যৰ কটৰিনা চিনায়াকোভা আৰু আমেৰিকাৰ টেইলৰ টাউনচেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। কাইলৈ হ’বলগীয়া মিক্সড ডাবলছৰ ফাইনেলত পোলেণ্ডৰ জন জেলেনক্সি আৰু টাইৱানৰ ছু ৱেই ছিহৰ যুটীটো মেক্সিগোৰ ছেণ্টিয়াগো গোঞ্জালেজ আৰু গুলীয়ানা আন্মোছৰ মুখামুখি হ’ব।

অধিক পঢ়ক

সকলো চাওক