নির্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে ভূৱনেশ্বৰত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

◊ জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নির্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে কালি নিশা ওড়িশাৰ ভূৱনেশ্বৰত উপস্থিত হয়। তাত তেওঁ দলৰ লোকসভা আৰু বিধানসভাৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব।

প্রধানমন্ত্ৰীয়ে কালি ওড়িশাৰ ৰাজভৱনত নৈশ যাপন কৰে। বিজেপিৰ নেতা-কৰ্মী তথা অন্যান্য লোকসকলে তেওঁক বিমান বন্দৰত আদৰণি জনায়। শ্ৰীমোদীয়ে আজি ৰাজ্যখনৰ গঞ্জম জিলাৰ গোপালপুৰ বিধানসভা সমষ্টিৰ অধীনৰ কানিচিত এখন জনসভাক সম্বোধন কৰিব।

তেওঁ লগতে নৱৰংপুৰ জিলাৰ ছিকিলি খেলপথাৰত আন এখন সভাত অংশ ল’ব। লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত এয়া হৈছে শ্রীমোদীৰ প্ৰথমটো ওড়িশা ভ্রমণ। ৰাজ্যখনত অহা ১৩ মে’ৰ পৰা ৪টা পৰ্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক