গুৱাহাটীৰ লগতে ৰাজ্যখনৰ অধিকাংশ জিলাত গ্রীষ্মৰ প্ৰকোপ বৃদ্ধি, আজি ৰাজ্যৰ ভিন্ন ঠাইত বৰষুণৰ সম্ভাৱনা

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যখনৰ অধিকাংশ জিলাত গ্রীষ্মৰ প্ৰকোপ বৃদ্ধি হোৱাত জনজীৱনৰ দৈনন্দিন কাম-কাজ প্রায় কষ্টসাধ্য হৈ পৰা পৰিলক্ষিত হৈছে। ঠাই বিশেষে তাপমাত্রা ৩৮ ডিগ্রী চেলছিয়াছ অতিক্ৰম কৰিছে। মাত্ৰাধিক গৰমৰ ফলত হোৱা বিভিন্ন ৰোগত বহু লোক আক্ৰান্ত হৈছে। বিশেষকৈ পঢ়াশলীয়া ছাত্ৰ-ছাত্ৰীসকলে শাৰীৰিক কষ্টৰ লগতে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে। অনাবৃষ্টিৰ হেতু অসহায় হৈ পৰা ৰাজ্যখনৰ বিভিন্ন ঠাইৰ কৃষকসকলে আনকি ভেকুলীৰ বিয়া পর্যন্ত পতাৰ খবৰ পোৱা গৈছে। বিগত ৪ দিনত এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ যোৰহাট, গোলাঘাট আৰু শিৱসাগৰৰ তিনিটি শিশুৰ মৃত্যু হৈছে। তীব্ৰ জ্বৰত আক্ৰান্ত হৈ অচেতন হৈ পৰা শিশুকেইটিক ভেণ্টিলেচনত ৰখা হৈছিল যদিও তিনিওটি শিশুৰে মৃত্যু হয়। এই পৰিস্থিতিৰ মাজতে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি ৰাজ্যখনৰ বিভিন্ন ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। আনহাতে, ২৬ মে দেওবাৰে ৰাজ্যখনৰ দুই-এঠাইত ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগেৰে ধুমুহা আৰু ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সোমবাৰেও ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক