ডাউনলোড
মোবাইল এপ

android apple
signal

উত্তৰ-পূৰ্বাঞ্চলত দেওবাৰলৈকে ধুমুহা, বৰষুণ হোৱাৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

♦ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলত দেওবাৰলৈকে ধুমুহা, বৰষুণ হ’ব পাৰে বুলি প্ৰকাশ কৰিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে, অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাত হ’ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে। পৰৱৰ্তী ৫ দিনত দেশৰ পূব আৰু উপদ্বীপ অঞ্চলসমূহত গ্রীষ্ম প্রবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলিও বিভাগে আগলি বতৰা দিছে। এই সময়ছোৱাত কৰ্ণাটকৰ উত্তৰ অংশৰ দুৰ্গম এলেকা, পশ্চিমবংগৰ গংগা নৈৰ কাষৰীয়া অঞ্চল, ঝাৰখণ্ড, ওড়িশা, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলসমূহত গ্রীষ্ম প্রবাহ থকাৰ আশংকা আছে। বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৩ দিনত পূৱ ভাৰতৰ ভালেমান ঠাইত সর্বোচ্চ তাপমাত্রা ২ৰ পৰা ৩ ডিগ্রী ছেলচিয়াচ বৃদ্ধি পাব পাৰে বুলি পূর্বানুমান প্ৰকাশ কৰিছে।

Read More News :

ৰাজ্যত স্পৰ্শকাতৰ হিচাপে বিবেচিত ভোটকেন্দ্ৰসমূহত ৱেৱকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছেঃ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেল

গ্রীষ্মকালত ৰোগৰ ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রীৰ অধ্যক্ষতাত বৈঠক

অধিক পঢ়ক

সকলো চাওক