ডাউনলোড
মোবাইল এপ

android apple
signal

January 24, 2025 1:11 PM | Weather

printer

সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ তাপমাত্রা নিম্নগামী

বংগোপ সাগৰৰ শীতল বতাহ বাংলাদেশৰ মাজেৰে উত্তৰ পূৰ্বাঞ্চলত প্ৰবেশ কৰাত কালি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ তাপমাত্রা নিম্নগামী হয়। ইয়াৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত কালি ঘন কুঁৱলীৰ আচ্ছাদন পৰা দেখা যায়। গুৱাহাটী মহানগৰীতো কালি পুৱা প্ৰায় ৯ বজাৰ পৰাই ডাঠ কুঁৱলী পৰা পৰিলক্ষিত হয়। ইয়াৰ ফলত দৃশ্যমানতা হ্ৰাস পোৱাত কালি বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰৰ পৰা যাবলগীয়া আৰু আহিবলগীয়া ভালেকেইখন বিমানৰ যাত্ৰা এঘণ্টাৰ পৰা ৫ ঘণ্টা পর্যন্ত বিলম্ব হয়। কালি শিলচৰ আৰু ইম্ফল বিমান বন্দৰতো দৃশ্যমানতা হ্ৰাস পোৱাত কেইবাখনো বিমানৰ যাত্ৰা বাতিল কৰিবলগীয়া হয়। কলকাতাৰ নেতাজী সুভাষ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰাও ভালেকেইখন বিমানৰ উৰণ বাতিল অথবা বিলম্ব হয়। আজি পুৱাৰ ভাগতো গুৱাহাটীত ডাঠ কুঁৱলী পৰা পৰিলক্ষিত হৈছে। আমালৈ অহা বাতৰি অনুসৰি বৰঝাৰ বিমান বন্দৰত উত্তৰ ভাৰত আৰু পূব ভাৰতৰ পৰা অহা বিমানসমূহ এঘণ্টাৰ পৰা দুঘণ্টা পর্যন্ত বিলম্বত হৈছে। অৱশ্যে বাংগালুৰু আৰু চেন্নাইৰ পৰা অহা বিমানসমূহ প্ৰায় নিৰ্ধাৰিত সময় মতেই চলি আছে।

বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান প্রতিষ্ঠানে জনোৱা মতে গুৱাহাটীত আজি সর্বোচ্চ তাপমাত্রা স্বাভাৱিকতকৈ ৪.৬ ডিগ্রী ছেলচিয়াছ কম হ’ব আৰু সৰ্বোচ্চ তাপমাত্ৰা ১৯ ডিগ্ৰী ছেলচিয়াছৰ আশে পাশে থকাৰ সম্ভাৱনা আছে। অৱশ্যে সর্বনিম্ন তাপমাত্রা ১৫ ডিগ্রী ছেলচিয়াছৰ আশে-পাশে থাকিব। উত্তৰ পূৰ্বাঞ্চলৰ চহৰসমূহৰ ভিতৰত কালি ক’হিমাত সর্বনিম্ন তাপমাত্রা ৫.৬ ডিগ্রী, শ্বিলঙত ৭ ডিগ্রী, ইম্ফলত ৭.৫ ডিগ্ৰী আৰু উত্তৰ লখিমপুৰত ৯.৩ ডিগ্রী ছেলচিয়াছ ৰেকৰ্ড কৰা হয়। বতৰ বিজ্ঞান প্রতিষ্ঠানে জনোৱা মতে আজি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বতৰ ঘাইকৈ ফৰকাল থাকিব যদিও অৰুণাচল প্ৰদেশৰ কেতবোৰ ঠাইত পাতলীয়া ধৰণৰ বৰষুণৰ সম্ভাৱনা আছে। আটাইকেইখন ৰাজ্যতে আজি দুপৰীয়ালৈকে ঘন কুঁৱলী পৰাৰ সম্ভাৱনা আছে।

কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ১৯.৩ ডিগ্রী ছেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১৫ দশমিক ১ ডিগ্রী ছেলচিয়াছ।

অধিক পঢ়ক

সকলো চাওক